মুখ্যপৃষ্ঠা »খবৰ »অসম »Covid Vaccination- ভেকচিন লোৱা চাৰ্টিফিকেট নেদেখুৱালে কৰ্মচাৰীয়ে নাপাব দৰমহা! অসমত এতিয়ালৈকে নাই অ'মিক্ৰমণত আক্ৰান্ত ৰোগী, জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

Covid Vaccination- ভেকচিন লোৱা চাৰ্টিফিকেট নেদেখুৱালে কৰ্মচাৰীয়ে নাপাব দৰমহা! অসমত এতিয়ালৈকে নাই অ'মিক্ৰমণত আক্ৰান্ত ৰোগী, জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

পাহাৰীয়া জিলা কাৰ্বি  আংলঙত ক'ভিড ১৯ ভেকচিনেশ্যন(Covid Vaccination) প্ৰক্ৰিয়া ১০০ শতাংশ সম্পূৰ্ণ কৰিবলৈ আজি পাৰ্বত্য জিলাৰ সদৰ ডিফুত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

পাহাৰীয়া জিলা কাৰ্বি  আংলঙত ক'ভিড ১৯ ভেকচিনেশ্যন(Covid Vaccination) প্ৰক্ৰিয়া ১০০ শতাংশ সম্পূৰ্ণ কৰিবলৈ আজি পাৰ্বত্য জিলাৰ সদৰ ডিফুত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

পাহাৰীয়া জিলা কাৰ্বি  আংলঙত ক'ভিড ১৯ ভেকচিনেশ্যন(Covid Vaccination) প্ৰক্ৰিয়া ১০০ শতাংশ সম্পূৰ্ণ কৰিবলৈ আজি পাৰ্বত্য জিলাৰ সদৰ ডিফুত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

  • Share this:
পাহাৰীয়া জিলা কাৰ্বি  আংলঙত ক'ভিড ১৯ ভেকচিনেশ্যন(Covid Vaccination) প্ৰক্ৰিয়া ১০০ শতাংশ সম্পূৰ্ণ কৰিবলৈ আজি পাৰ্বত্য জিলাৰ সদৰ ডিফুত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ ইয়াৰ পিছত ডিফু উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত জিলাখনৰ স্বাস্থ্য বিভাগ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, জিলা প্ৰশাসন  আৰু বিভাগীয় কৰ্মচাৰীসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয় মন্ত্ৰীগৰাকী।

বৈঠকৰ পিছত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, 'ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যৰ চুকে -কোণে ক'ভিড ১৯ নিৰ্মূলৰ বাবে মেগা ভেকচিনেশ্যন অভিযান আৰম্ভ কৰি প্ৰায় এশ শতাংশ সফলতা লাভ কৰিছে যদিও দুই পাৰ্বত্য জিলা আৰু কৰিমগঞ্জ জিলাত এশ শতাংশ ভেকচিনেশ্যন সম্পূৰ্ণ কৰিব পৰা নাই ৷ সেয়ে, কাৰ্বি আংলঙত পুনৰ বিশেষ ভেকচিন প্ৰদান অভিযান প্ৰস্তুতি লোৱা হৈছে ৷'

মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি কাৰ্বি আংলঙত ১৯২ খন গাঁৱতহে সম্পূৰ্ণ হৈছে ১০০শতাংশ ভেকচিন ৷ আনহাতে ১৭৫ খন গাঁৱত ৯০ শতাংশৰ ওপৰত ভেকচিন প্ৰদান হৈছে৷ ৭৫ খন গাঁৱত হৈছে ৫০শতাংশতকৈ কম ভেকচিন প্ৰদান ৷ এইলৈ জিলাখনত ১০০ টা স্বাস্থ্য কৰ্মীৰ দলে বিশেষভাৱে চলাব এই ভেকচিন প্ৰদান অভিযান ৷ ইয়াৰ বাবে গাঁৱতে বাহৰ পাতি স্বাস্থ্য কৰ্মীৰ দলে ১০০ শতাংশ ভেকচিন প্ৰদান কৰিব৷

ইয়াৰোপৰি মন্ত্ৰী গৰাকীয়ে কয় যে, দুৰ্গম যাতায়াত আৰু অপপ্ৰচাৰৰ বাবে কাৰ্বি আংলঙত নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হোৱা নাই ১০০শতাংশ ভেকচিন প্ৰদান ৷ কাৰ্বি আংলঙৰ বহু চৰকাৰী কৰ্মচাৰী, গাঁওবুঢ়াই গ্ৰহণ কৰা নাই কভিড ভেকচিন ৷ মন্ত্ৰী গৰাকীয়ে মাঞ্জা স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ এই কথা প্ৰকাশ কৰে। আৰু লগে লগে মন্ত্ৰীগৰাকীৰ সকীয়নি, ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰ নিদিলে চৰকাৰী কৰ্মচাৰীয়ে কোনো দৰমহা লাভ নকৰিব ৷

মাঞ্জাৰ পাছতেই মন্ত্ৰীগৰাকী ৰাওনা হয় বকলীয়াঘাট, ডকমকা, টুমপ্ৰেং,ডংকামোকাম আদি অঞ্চললৈ ৷ ইফালে অ'মিক্ৰণ সংক্ৰান্ততো মন্ত্ৰীয়ে কৈ যে, এতিয়ালৈকে অসমত ধৰা পৰা নাই এই ৰোগ। তথাপিও  এই ৰোগ ধৰা পৰিলে যি ব্যৱস্থা লব লাগে, তাৰ বাবে স্বাস্থ্য বিভাগ সাজু।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি