உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মুখ্যমন্ত্ৰী ৰূপে প্ৰথমবাৰলৈ মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন ড° হিমন্ত বিশ্ব শৰ্মাৰ, নিযুক্তিকে ধৰি ভিন্ন বিষয়ত দিলে মত

    মুখ্যমন্ত্ৰী ৰূপে প্ৰথমবাৰলৈ মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন ড° হিমন্ত বিশ্ব শৰ্মাৰ, নিযুক্তিকে ধৰি ভিন্ন বিষয়ত দিলে মত

    কোন বিভাগত মেধাৰ ভিত্তিত কেনেদৰে চাকৰি দিয়া হ‘ব সেই বিষয়ে চালিজাৰি চাই এবছৰৰ ভিতৰত নিযুক্তিসমূহ দিয়াৰ ব্যৱস্থা কৰা হ‘ব বুলি মত মুখ্যমন্ত্ৰীৰ।

    কোন বিভাগত মেধাৰ ভিত্তিত কেনেদৰে চাকৰি দিয়া হ‘ব সেই বিষয়ে চালিজাৰি চাই এবছৰৰ ভিতৰত নিযুক্তিসমূহ দিয়াৰ ব্যৱস্থা কৰা হ‘ব বুলি মত মুখ্যমন্ত্ৰীৰ।

    কোন বিভাগত মেধাৰ ভিত্তিত কেনেদৰে চাকৰি দিয়া হ‘ব সেই বিষয়ে চালিজাৰি চাই এবছৰৰ ভিতৰত নিযুক্তিসমূহ দিয়াৰ ব্যৱস্থা কৰা হ‘ব বুলি মত মুখ্যমন্ত্ৰীৰ।

    • Share this:

    নগাঁও জিলাৰ পুৰণিগুদামৰ নৰসিংহ ক্ষেত্ৰত থকা বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত আজি বিয়লি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সপত্নীক উপস্থিত হৈ মন্দিৰ দৰ্শন কৰে। আনহাতে মন্দিৰ প্ৰাংগণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভন, নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগত এক আলোচনাত মিলিত হয়। মহা মৃত্যুঞ্জয় মন্দিৰক এক আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ পৰিকল্পনা সন্দৰ্ভতো আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আলোচনা কালত মন্দিৰ চৌহদত আটকধুনীয়াকৈ সজাই তোলাৰ লগতে মন্দিৰৰ চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সামাজিক বনানীকৰণ বিভাগক মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।


    মন্দিৰলৈ সোমোৱা পথৰ উন্নীতকৰণ, পাৰ্কিং আদি বিষয় সন্দৰ্ভতো  জিলা প্ৰশাসনৰ লগত আলোচনাত মিলিত হয়। লগতে  অলপতে বামুণী পাহাৰত কেইবাটাও হাতীৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উক্ত পাহাৰত বৃক্ষ ৰোপণৰ কাৰ্যসূচী হাতত ল'বলৈ বন বিভাগক আহ্বান জনায়। আলোচনাৰ অন্তত অনুষ্ঠিত এক সংবাদ মেলত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ মিত্ৰজোঁটে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যৰ এক লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰি লগতে কয় যে এই ব্যৱস্থা কৰিবৰ বাবে বছৰি ৩৬০০ কোটি টকাৰ প্ৰয়োজন হ‘ব। এইক্ষেত্ৰত বিত্তমন্ত্ৰী অজন্তা নেওগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।


    বিত্তমন্ত্রী অজন্তা নেওগ সমিতিয়ে  এমাহৰ ভিতৰত এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব। কোন বিভাগত মেধাৰ ভিত্তিত কেনেদৰে চাকৰি দিয়া হ‘ব সেই বিষয়ে চালিজাৰি চাই এবছৰৰ ভিতৰত নিযুক্তিসমূহ দিয়াৰ ব্যৱস্থা কৰা হ‘ব। সাক্ষাৎকাৰ অনুষ্ঠিত কৰি নিযুক্তি দিয়াৰ ক্ষেত্ৰত সময়ৰ প্ৰয়োজন হ‘ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে আৰু কয় যে এইক্ষেত্ৰত কি ধৰণে ব্যৱস্থা লোৱা যায়, সেইটো আলোচনা কৰা হ‘ব। আনহাতে, অপ্ৰয়োজনীয় পদসমূহ প্ৰয়োজনীয় স্থানলৈ বদলি কৰা হ‘ব বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত জানিবলৈ দিয়ে ৷ আনহাতে কালিলৈ কাজিৰঙাত নগাঁও, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ আৰু কাৰ্বি আংলং জিলাৰ সম্ভাব্য বান পৰিস্থিতি, কাজিৰঙা বন্যপ্ৰাণীৰ বাবে ল‘ব লগা ব্যৱস্থাৰ ওপৰত এক আলোচনাত মিলিত হ‘ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত জানিবলৈ দিয়ে।


    ইপিনে সংবাদ মেলত উপস্থিত থকা একাংশ  সাংবাদিকে তেওঁলোকে সংবাদ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰি সেই বিষয়ে  চিন্তাচৰ্চা কৰিবলৈ  মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনোৱাত তেওঁ মিলিজুলি সকলো সমস্যা সামাধান কৰাৰ আশ্বাস প্ৰদান কৰে। ইপিনে  মুখ্যমন্ত্ৰী হিচাপে পোন প্ৰথমবাৰৰ বাবে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীক মন্দিৰ সমিতিয়ে আদৰণি জনায়। উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই মন্দিৰ দৰ্শন কৰে। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণত বিধায়ক জয়ন্ত মল্ল বৰুৱা, ৰূপক শৰ্মা, স্থানীয় বিধায়ক জিতু গোস্বামীয়ে সংগ দিয়ে ৷

    Published by:Gautam Barman
    First published: