মন্ত্ৰী হিমন্ত বিশ্ব সাম্প্ৰদায়িক, তেওঁক গ্ৰেপ্তাৰ কৰক:ৰিপুণ বৰা

CAB ললিপপ! ইয়াৰ জৰিয়তে নাগৰিকত্ব পোৱাসকলে নাপাব ভূমি ক্ৰয় আৰু চাকৰি–ব্যৱসায়ৰ অধিকাৰ!

News18-Assam
Updated:September 25, 2019, 10:01 AM IST
মন্ত্ৰী হিমন্ত বিশ্ব সাম্প্ৰদায়িক, তেওঁক গ্ৰেপ্তাৰ কৰক:ৰিপুণ বৰা
CAB ললিপপ! ইয়াৰ জৰিয়তে নাগৰিকত্ব পোৱাসকলে নাপাব ভূমি ক্ৰয় আৰু চাকৰি–ব্যৱসায়ৰ অধিকাৰ!
News18-Assam
Updated: September 25, 2019, 10:01 AM IST
গ্ৰেপ্তাৰ কৰিব লাগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। এগৰাকী দায়িত্বশীল মন্ত্ৰী হৈ সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্বক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই। তিনি দিনীয়া বৰাক উপত্যকা ভ্ৰমণলৈ গৈ মঙলবাৰে নিশা হাইলাকান্দিত আহি উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত অহা দলটোক হাইলাকান্দি জিলাৰ ধলেশ্বৰৰ পৰা এক বিশাল বাইক ৰেলীৰ জৰিয়তে হাইলাকান্দিলৈ আদৰণি জনায় কংগ্ৰেছ কৰ্মী সকলে। পিছত স্থানীয় কংগ্ৰেছ ভৱনত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে কয় NRC প্ৰকাশ হোৱাৰ পিছৰ পৰাই ৰাজ্যত এক ভয় আৰু অনিয়শ্চয়তাৰ পৰিবেশ সৃষ্টি হৈছে। সেই কাৰনে ভীতিগ্ৰস্ত প্ৰকৃত নাগৰিকক সহায় কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে ৰাজ্যৰ বিভিন্ন ঠাইলৈ ভ্ৰমন কৰি সেই ঠাইত সভা আৰম্ভ কৰিছে। লগতে তেওঁ CAB 'ক ললিপপ আখ্য‍ দি ‘কেব’ৰ জৰিয়তে নাগৰিকত্ব পোৱা সকলে মাটি ক্ৰয়, চাকৰি আৰু ব্যৱসায়ৰ অধিকাৰ নাপায় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। লগতে কিছু দিন আগতে বৰাক উপত্যকাত আহি ডিটেনচন কেম্পকলৈ সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰো দাবী উত্থাপন কৰে ৰিপুন বৰায়।

 
আৰু চাওক পৰৱৰ্তী বাতৰি