মৎস উৎপাদনক লৈ গুৰুত্ব মুখ্যমন্ত্ৰীৰ, ‘ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ’ আঁচনিৰ Geo taggingৰ নিৰ্দেশ

News18 Assam | News18-Assam
Updated:June 15, 2021, 8:15 PM IST
মৎস উৎপাদনক লৈ গুৰুত্ব মুখ্যমন্ত্ৰীৰ, ‘ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ’ আঁচনিৰ Geo taggingৰ নিৰ্দেশ
গাঁৱত সামূহিক পুখুৰী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্রহণৰ নির্দেশৰ উপৰি এনৰেগাৰ অধীনত ব্যক্তিগত সৰু পুখুৰী খননৰ ব্যৱস্থা কৰিবলৈও নির্দেশ দিয়ে।

গাঁৱত সামূহিক পুখুৰী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্রহণৰ নির্দেশৰ উপৰি এনৰেগাৰ অধীনত ব্যক্তিগত সৰু পুখুৰী খননৰ ব্যৱস্থা কৰিবলৈও নির্দেশ দিয়ে।

  • Share this:

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত মীন বিভাগৰ অধীনৰ বিভিন্ন কাম-কাজৰ সামগ্রিক পর্যালোচনা কৰে। ৰাজ্যখনৰ মৎস্য উৎপাদন বৃদ্ধিৰ প্ৰচুৰ সম্ভাৱনীয়তা থকাৰ কথা উল্লেখ কৰি বৈঠকত মুখ্যমন্ত্ৰীয়ে উন্নত পৰিচালনাৰ সুবিধার্থে ‘ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ’ আঁচনিখনৰ অধীনত এতিয়ালৈকে খনন কৰা পুখুৰীসমূহৰ জিঅ’ টেগিং (Geo tagging) কৰাৰ পদক্ষেপ ল’বলৈ বিভাগক নির্দেশ দিয়ে।


মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যখনত মাছৰ খাদ্যৰ অভাৱ পূৰণৰ বাবে তথা এই দিশত চাহিদা আৰু উৎপাদনৰ মাজত থকা ব্যৱধান হ্রাস কৰাৰ উদ্দেশ্যে এই দিশত প্রয়োজনীয় কার্যব্যৱস্থা গ্ৰহণৰ বাবেও নির্দেশ দিয়ে। তেওঁ লগতে এই দিশত শিক্ষিত নিবনুৱা যুৱক-যুৱতীক প্রশিক্ষণ প্রদানৰ ব্যৱস্থা কৰিবলৈও কয়। ৰাজ্যখনৰ অর্থনৈতিক বিকাশত মৎস্য খণ্ডই ল'ব পৰা সম্ভাৱনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে 'মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনা'ৰ অধীনত সত্ৰ-নামঘৰকে ধৰি বিভিন্ন ধর্মীয় অনুষ্ঠানৰ অধীনস্থ ভূমি সামৰি প্ৰতিখন গাঁৱত সামূহিক পুখুৰী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্রহণৰ নির্দেশ দিয়াৰ উপৰি এমজি এনৰেগাৰ আঁচনিৰ অধীনত ব্যক্তিগত সৰু পুখুৰী খননৰ ব্যৱস্থা কৰিবলৈও নির্দেশ দিয়ে।


বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ জলাশয়সমূহত মৎস্য উৎপাদন বৃদ্ধিৰ ওপৰত প্রয়োজনীয় পদক্ষেপ গ্রহণৰ বাবেও বিভাগক নির্দেশ দিয়ে। আজিৰ এই বৈঠকত মীনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ লগতে মীন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ আৰু ৰাজ্যৰ মীন বিভাগৰ আন বিষয়াসকল উপস্থিত থাকে।

Published by: Gautam Barman
First published: June 15, 2021, 8:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি