চি এমৰ ৰূপত আজি এমাহ হ'ল ড০ হিমন্ত বিশ্ব শৰ্মাৰ, এমহীয়া চৰকাৰে কি কি ক্ষেত্ৰত ল'লে পদক্ষেপ

News18 Assam | News18-Assam
Updated:June 10, 2021, 10:38 AM IST
চি এমৰ ৰূপত আজি এমাহ হ'ল ড০ হিমন্ত বিশ্ব শৰ্মাৰ, এমহীয়া চৰকাৰে কি কি ক্ষেত্ৰত ল'লে পদক্ষেপ
১০ মে'ত শপত লৈছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে, আজি ১০ জুনলৈ বহুকেইটা দিশত আগবাঢ়িছিল চৰকাৰখনে।

১০ মে'ত শপত লৈছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে, আজি ১০ জুনলৈ বহুকেইটা দিশত আগবাঢ়িছিল চৰকাৰখনে।

  • Share this:

 চাওঁতে চাওঁতে এমাহ হ'ল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে শপত লোৱাৰ ৷ ১০মে'ত শপত গ্ৰহণ কৰিয়েই বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ ড্ৰাগছ, কোভিড, প্ৰশাসনিক ৰদবদলেৰে চমকেই নহয় সত্যাৰ্থত সকলোৰে দৃষ্টি কঢ়িয়াইছে হিমন্ত বিশ্ব শৰ্মাই ৷ ১০মে'ত শপত লৈছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে ৷ আজি বৃহস্পতিবাৰে (১০জুন) এমহীয়া হ'ল শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ ৷ এই এমাহতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷


প্ৰথম মাহতে কি কি ক্ষেত্ৰত ল'লে পদক্ষেপ


১. অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত আলোচনা তথা ৰূপায়ণত আহি পৰা স্থবিৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীক আছু কাৰ্যালয়লৈ প্ৰেৰণ আৰু বিষয়ববীয়াৰে আলোচনাৰ পৰামৰ্শ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷



২. বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকসকলক বদলি কৰি সমাজত চলি থকা বে–আইনী কাম যেনে ড্ৰাগছ, জুৱাৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷


৩. সংবাদ মাধ্যমৰ জৰিয়তে প্ৰথমখন সংবাদ মেলতে পৰেশ বৰুৱাৰ সৈতে আলোচনা কৰাৰ ইচ্ছা প্ৰকাশ আৰু পৰেশ বৰুৱায়ো দিলে এইক্ষেত্ৰত ইতিবাচক সঁহাৰি, ৰিতুল গগৈৰ মুক্তি আছিল তাৰ অন্যতম ইংগিত ৷


৪. কোভিড–১৯ৰ সময়ছোৱাত কেবিনেট গঠন হোৱাৰ পিছতে সকলো মন্ত্ৰীক ভাগ কৰি দিয়া জিলাসমূহলৈ প্ৰেৰণ কৰি কোভিড পৰিস্থিতিৰ ৰিপ'ৰ্ট দিয়াৰ নিৰ্দেশো অন্যতম ৷


৫. নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত কিদৰে আগবাঢ়িব পাৰি তাৰ ওপৰত ৰিপ'ৰ্ট তৈয়াৰ কৰিবলৈ মন্ত্ৰী অশোক সিংঘলৰ নেতৃত্বত ৫ জনীয়া কমিটী গঠনো মুখ্যমন্ত্ৰীৰ অন্যতম নিৰ্দেশনা ৷



৬. নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰিয়েই ১ লাখ চাকৰি দিয়াৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত ৩জনীয়া কমিটী গঠনেৰেও সকলোৰে দৃষ্টি কাঢ়িলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷


৭. প্ৰতিশ্ৰুতি অনুসৰিয়েই বানমুক্ত অসমৰ স্বাৰ্থত কি কি অসুবিধা আছে ,কি পৰ্যায়ত আছে অসমৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা আদিৰ বুজ লৈ তাৎক্ষণিক ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাক, যি কথাই বানপীড়িত লোকৰ মাজত আশাৰ সঞ্চাৰ কৰিছে ৷


৮. অসম চৰকাৰৰ নিজস্ব উদ্যোগত প্ৰতিবছৰে এগৰাকী ব্যক্তিক অসম ৰত্ন, ৩গৰাকীক অসম বিভূষণ,  ৫গৰাকীক অসম ভূষণ, ১০গৰাকীক অসমশ্ৰী সন্মান দিয়াৰ সিদ্ধান্ত। লগতে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিদেৱৰ ওপজা দিনৰ দিনা তথা ৭ ডিচেম্বৰ তাৰিখে সাহিত্য ক্ষেত্ৰৰ বঁটা সমূহ, অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনৰ দিনা ক্ৰীড়া ক্ষেত্ৰৰ বঁটা আৰু "শিল্পী দিৱস" ৰ দিনা সাংস্কৃতিক ক্ষেত্ৰৰ বঁটা চৰকাৰে প্ৰদান কৰিব।


৯. গৰু ছিণ্ডিকেট বন্ধ কৰাৰ স্বাৰ্থত গো–সুৰক্ষা আইন অনাৰ বাবে গো–সুৰক্ষা বিধেয়কৰ বিষয়টোৰ ওপৰত বিশেষভাৱে চিন্তাচৰ্চা।


১০. ঐতিহাসিক বটদ্ৰৱা থানৰ সাংস্কৃতিক প্ৰকল্পৰ লগত সংযোজিত কৰিবৰ বাবে অতিৰিক্ত প্ৰায় ৩৫ বিঘা মাটিৰ আবণ্টনেও আনিছে আশাৰ বতৰা। অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী  বিমল বৰাক এই প্ৰকল্প মাহেকত এবাৰ পৰিদৰ্শন কৰিবৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷


১১. ছিপাঝাৰ সমষ্টিৰ গৰুখুঁটিৰ চৰকাৰী ভূমি খেতিৰ উপযোগী কৰাৰ বাবে এখন কৃষি পৰ্যালোচনা কমিটী গঠন কৰি দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। এই সমিতিৰ সভাপতিৰ দায়িত্ব বিধায়ক পদ্ম হাজৰিকাক অৰ্পণ কৰাৰ লগতে সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় মৃণাল শইকীয়া আৰু পৰমানন্দ ৰাজবংশীক সমিতিখনৰ দায়িত্ব প্রদান কৰা হৈছে ৷ যি কৃষি পামে দিব পথাৰ আৰু বজাৰ দখলৰ পথ ৷


১২.  কয়লা ছিণ্ডিকেট ৰোধৰ বাবে পৰীক্ষামূলকভাৱে মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী, পৰিবহণ মন্ত্ৰীৰ পৰ্যবেক্ষণত অহা ৩১ মাৰ্চলৈ বৰাক ভেলীৰ দীঘৰখাল, শ্ৰীৰামপুৰত কয়লা ট্ৰাকসমূহৰ জোখ-মাখ লোৱা হ'ব, যাতে কোনো ট্ৰাকে অতিৰিক্ত কয়লা বহন কৰি চলাচল কৰিব নোৱাৰে। আনহাতে ছাগলীয়া গেটেৰে এতিয়াৰ পৰা কোনো কয়লাৰ ট্ৰাক অহা-যোৱা কৰিব নোৱাৰিব বুলি লোৱা সিদ্ধান্তও অন্যতম ৷

Published by: Gautam Barman
First published: June 10, 2021, 10:34 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি