নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবেই ভাৰতীয় বায়ু সেনাৰ চাকৰিৰৰ পৰা স্বেচ্ছাই অৱসৰ ল'লে হিমাংশু গগৈ নামৰ যুৱক জনে। শেহতীয়াভাৱে কটন মহাবিদ্যালয়ৰ ছাত্ৰ সমাজক উৎসাহিত কৰাৰ উদ্দেশ্যে হিমাংশুৱে গুৱাহাটীৰ পৰা তিনিচুকীয়া আৰু তিনিচুকীয়াৰ পৰা নতুন দিল্লীলৈ চাইকেল চলাই প্ৰতিবাদী যাত্ৰা আৰম্ভ কৰিছে।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগান চাইকেলত আঁৰি যাত্ৰা আৰম্ভ কৰা অৱসৰপ্ৰাপ্ত জোৱানজনে NEWS18ক কয় - ‘এগৰাকী সৈনিক হিচাপে জাতিৰ হৈ যুঁজিবলৈ ওলাই আহিছো। কেবৰ বাবেই চাকৰি এৰিছিলো আৰু কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম।’
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 03, 2019, 15:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।