বিটিচিত নিশ্চিত হ’ল বিজেপি–ইউপিপিএল–জিএছপি চৰকাৰ। আজি প্ৰমোদ বড়োক বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তাৰ পিছতে বিয়লিলৈ ৰাজভৱনত উপস্থিত হয় প্ৰমোদ বড়ো আৰু হিমন্ত বিশ্ব শৰ্মা।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ১৫ তাৰিখে শপত গ্ৰহণ হোৱাটো প্ৰায় নিশ্চিত।
আমি যৌথভাৱে চৰকাৰ গঠন কৰিম। বিপিএফৰ লগত চৰকাৰ গঠন নকৰাৰ এটাই কাৰণ, বিটিচি বাসীয়ে এইবাৰ পৰিৱৰ্তন বিচাৰিছিল। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কথাৰ কটা–কটি প্ৰতিটো দলৰে হয়, কিন্তু মনৰ পৰা শত্ৰুতা নাথাকে।আনহাতে, বিটিচিৰ নৱনিযুক্ত চিইএম প্ৰমোদ বড়োৱে কয় – বিটিচিবাসীয়ে পৰিৱৰ্তন বিচাৰিছে। আমি ৰাইজৰ হকে কাম কৰি যাম।
মন্ত্রিত্বক লৈ কোনো আলোচনা হোৱা নাই।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|