• Home
  • »
  • News
  • »
  • assam
  • »
  • হিমাৰ সফলতাত উৎফুল্লিত পিতৃ, ‘অলিম্পিকতো অটুট থাকক হিমাৰ এই সাফল্যৰ যাত্ৰা’!

হিমাৰ সফলতাত উৎফুল্লিত পিতৃ, ‘অলিম্পিকতো অটুট থাকক হিমাৰ এই সাফল্যৰ যাত্ৰা’!

এতিয়া সমগ্ৰ দেশৰ বাবেই গৌৰৱ হিমা দাস। ধিং এক্সপ্ৰেস খ্যাত হিমাই লাভ কৰা অভূতপূৰ্ব সফলতাৰ বাবে এতিয়া হিমাক অভিনন্দন জনাইছে সমগ্ৰ দেশবাসীয়ে।

  • Share this:
    এতিয়া সমগ্ৰ দেশৰ বাবেই গৌৰৱ হিমা দাস। ধিং এক্সপ্ৰেছ খ্যাত হিমাই লাভ কৰা অভূতপূৰ্ব সফলতাৰ বাবে এতিয়া হিমাক অভিনন্দন জনাইছে সমগ্ৰ দেশবাসীয়ে। সকলোৱে আশা কৰিছে আগন্তুক অলিম্পিকতো হিমাই আজুৰি আনক স্বৰ্ণ পদক। হিমাৰ সফলতাত এতিয়া উৎফুল্লিত পিতৃ মাতৃ। হিমাৰ এই সাফল্যক লৈ সোমবাৰে সংবাদমাধ্যমৰ সন্মুখত পিতৃ ৰঞ্জিত দাসে কয় হিমাৰ এই সাফল্যক লৈ আমি গৌৰৱাম্বিত। ইয়াৰ লগতে আমি সকলোৱে বিচাৰিছো আহি থকা অলিম্পিকতো যেন হিমাৰ এই প্ৰদৰ্শন অটুট থাকে।’

    হিমা দাসে এতিয়া ট্ৰেকট ইটোৰ পিছত সিটো স্বৰ্ণপদক লাভ কৰিছে। এইবাৰ চেক গণৰাজ্যত আন এটা স্বৰ্ণপদক জয় কৰিলে অসম কন্যা হিমাই। ৪০০ মিটাৰ দৌৰত হিমাই অৰ্জন কৰিলে শ্ৰেষ্ঠত্ব। ৫২.০২ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি স্বৰ্ণপদক লাভ কৰিলে হিমাই। ইয়াৰ পূৰ্বে মাত্ৰ ১৫ দিনত হিমাই লাভ কৰিছিল চাৰিটাকৈ সোণৰ পদক। চেক গণৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰাঁ প্ৰীত ২০০ মিটাৰ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমাই। ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি অসম কন্যাগৰাকীয়ে অর্জন কৰিছিল স্বৰ্ণপদক। হিমাৰ এই সফলতাৰ যাত্ৰাৰ বাবে হিমাক এতিয়া অভিনন্দন জনাইছে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা বলিউড আৰু ক্ৰিকেট জগতৰ তাৰকায়ো।
    First published: