নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত কি ক’লে ধিং এক্সপ্ৰেছ হিমা দাসে

News18 Assam | News18-Assam
Updated:January 9, 2020, 3:35 PM IST
নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত কি ক’লে ধিং এক্সপ্ৰেছ হিমা দাসে
Source-Google

২০ বছৰত ভৰি দিলে ‘ধিং এক্সপ্ৰেছ’ হিমা দাসে। ওপজা দিনটোত মা কামাখ্যাৰ আশিস ল’লে হিমা দাসে

  • Share this:
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। তাৰ সমান্তৰাল ভাবে ৰাজ্যলৈ শান্তি ঘূৰাই আনিবলৈ বিজেপিয়ে আয়োজন কৰিছে ইখনৰ পিছত সিখন শান্তি বিচৰা সভা। লগতে কৰিছে শান্তি সমদল। এইবাৰ এই বিষয়ত হিমা দাসে কৰিছে বিশেষ মন্তব্য।

হিমাই কয় যে, ‘ৰাজ্যত অটুট আছে শান্তি। খেলৰ জৰিয়তেই শান্তি ঘূৰাই আনিব পাৰি। খেল হ’ল শান্তিৰ প্ৰতীক। সেইদৰে দেশৰ ভিতৰতে অসম এখন অন্যতম শান্তিৰ ঠাই। বাকী যি বিতৰ্ক অব্যাহত আছে, ডাঙৰ ডাঙৰ বিশেষজ্ঞ আছে, তেওঁলোকে জানিব। মই এইবিষয়ত ইমান অৱগত নহয়।’

আন্তঃৰাষ্ট্ৰীয় ইভেণ্টৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া তৃতীয় খেল’ ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণ নকৰে হিমাই। অৱশ্যে ১০ জানুৱাৰীত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব স্বৰ্ণকন্যা হিমাই। News18ৰ আগত হিমাই কয় যে, অসমৰ জনতাই এই মেগা ইভেণ্টৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ লগতে সকলোৱে অংশগ্ৰহণ কৰিব লাগে।
Published by: Himangshu Bhuyan
First published: January 9, 2020, 3:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading