মুখ্যপৃষ্ঠা »খবৰ »অসম »Hima Das Injured: হেমষ্ট্ৰিঙৰ সমস্যাত ভুগিছে হিমা দাস, টকিঅ' অলিম্পিকলৈ যাব পাৰিবনে হিমাই? আছে আন দুই সুযোগ

Hima Das Injured: হেমষ্ট্ৰিঙৰ সমস্যাত ভুগিছে হিমা দাস, টকিঅ' অলিম্পিকলৈ যাব পাৰিবনে হিমাই? আছে আন দুই সুযোগ

হিমা দাসে আঘাতৰ বাবে ৰাষ্ট্ৰীয় এথলেটিকছ মীটৰ মহিলাৰ ৪×১০০ মিটাৰৰ ফাইনেলত অংশ ল'ব নোৱাৰিলেও টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ দুটা সুযোগ আছে।

হিমা দাসে আঘাতৰ বাবে ৰাষ্ট্ৰীয় এথলেটিকছ মীটৰ মহিলাৰ ৪×১০০ মিটাৰৰ ফাইনেলত অংশ ল'ব নোৱাৰিলেও টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ দুটা সুযোগ আছে।

  • Share this:

"ধিং এক্সপ্ৰেছ" হিমা দাস। ভাৰতবৰ্ষৰ তাৰকা এথলীট হিমা দাসে হেমষ্ট্ৰিঙৰ সমস্যাত ভুগিছে। সম্প্ৰতি পাঞ্জাৱৰ পাটিয়ালাত চলি থকা আন্তঃৰাজ্যিক এথলেটিকছৰ মহিলাৰ ১০০ মিটাৰ দৌৰত অংশ লোৱা হিমা দাসে প্ৰতিযোগিতাত ভাগ লৈ থাকোঁতেই পুনৰ হেমষ্ট্ৰিঙৰ সমস্যাত ভুগে। আঘাতপ্ৰাপ্ত হ'লেও ২৩ জুলাইৰ পৰা টকিঅ'ত আৰম্ভ হ'বলগীয়া অলিম্পিক গেমছত যাবলৈ এতিয়াও দুটা সুবিধা আছে হিমা দাসৰ সন্মুখত। ভাগ্যই লগ দিলে যোগ্যতা নিৰ্ণয়কাৰী খেলত নেখেলাকৈও টকিঅ' অলিম্পিকলৈ যাব পাৰে হিমা দাসে।


আচৰিত যেন লাগিলেও এয়াই সঁচা। আঘাতপ্ৰাপ্ত হিমা দাসে মঙলবাৰৰ মহিলাৰ ৪×১০০ মিটাৰ দৌৰৰ ফাইনেলত অংশ ল'ব পাৰিবনে নাই সেই বিষয়টো পৰ্যবেক্ষণ কৰি আছে এইমছৰ জ্যেষ্ঠ চিকিৎসকৰ দলে। যদি হিমা দাসে আঘাতৰ বাবে ৰাষ্ট্ৰীয় এথলেটিকছ মীটৰ মহিলাৰ ৪×১০০ মিটাৰৰ ফাইনেলত অংশ ল'ব নোৱাৰে তথাপি নেখেলাকৈয়ে টকিঅ' অলিম্পিক গেমছলৈ যোগ্যতা অৰ্জনৰ দুটা সুযোগ আছে। প্ৰথমটো পোনপটীয়া সুযোগ হ'ল হিমা দাস, দুতি চান্দ, অৰ্চনা সুচেন্দ্ৰান, ধনলক্ষ্মী,  হিমাশ্ৰী ৰয় আৰু ধনেশ্বৰী মুঠ ছয়গৰাকী মহিলা খেলুৱৈ থকা ৰীলে দলটোৰ চাৰিগৰাকীয়ে মঙলবাৰৰ ৪×১০০ মিটাৰ ৰীলে দৌৰৰ ফাইনেলত অলিম্পিকৰ যোগ্যতা নিৰ্ণয়ৰ বাবে প্ৰয়োজনীয় সময় ০০:৪৩:০৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰিব পাৰিলেই হিমা দাস থকা ভাৰতীয় দলটো টকিঅ' অলিম্পিক গেমছলৈ যোগ্যতা অৰ্জন কৰিব।


আনহাতে মঙলবাৰৰ ফাইনেলত যদি প্ৰয়োজনীয় সময় স্পৰ্শ কৰিব নোৱাৰে তেতিয়াও আন এটা সুযোগ থাকিব হিমা দাস থকা ভাৰতীয় দলৰ সন্মুখত। উল্লেখ্য যে পাটিয়ালাৰ চলিত আন্তঃৰাজ্যিক এথলেটিকছ মীটৰ মহিলাৰ ৪×১০০ মিটাৰ ৰীলে দৌৰৰ প্ৰাৰম্ভিক ৰাউণ্ডত ভাৰতীয় দলটোৱে ০০:৪৩:৫০ ছেকেণ্ড সময়েৰে ফাইনেলত প্ৰৱেশ কৰিছিল। হিমা দাসৰ আঘাতে ভাৰতীয় মহিলা ৰীলে দলটোক কিছু চিন্তিত কৰিছে যদিও মঙলবাৰৰ ফাইনেলত মাইক্ৰো ৪৫ ছেকেন্ড আগুৱাই অলিম্পিক গেমছলৈ যোগ্যতা অৰ্জন কৰিব পাৰিব বুলি আশাবাদী হৈ আছে। এই পোনপটীয়া সুযোগৰো যদি সদ্ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া বিশ্ব ৰেংকিঙত ষোল্ল নম্বৰ স্থানত থকা ভাৰতীয় দলটোৱে নাইজেৰিয়াৰ মুখলৈ চাব লাগিব। নাইজেৰিয়া দলে যদি যোগ্যতা অৰ্জনত ব্যৰ্থ হয় তেন্তে হিমা দাস থকা ৰীলে দলটোৱে টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব।

শেহতীয়া বাতৰি