পিঠিৰ বিষৰ বাবে এথলেটিকছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰৰ পৰা বাহিৰ হিমা দাস

দেশৰ পদক প্ৰত্যাশী অসম সন্তানগৰাকীয়ে দেওবাৰে দোহাৰ খলিফা ষ্টেডিয়ামত দৌৰৰ মাজতে পিঠিৰ প্ৰচণ্ড বিষৰ বাবে ট্ৰেক এৰিবলগীয়া হয়।

news18assam
Updated:April 21, 2019, 5:44 PM IST
পিঠিৰ বিষৰ বাবে এথলেটিকছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰৰ পৰা বাহিৰ হিমা দাস
দেশৰ পদক প্ৰত্যাশী অসম সন্তানগৰাকীয়ে দেওবাৰে দোহাৰ খলিফা ষ্টেডিয়ামত দৌৰৰ মাজতে পিঠিৰ প্ৰচণ্ড বিষৰ বাবে ট্ৰেক এৰিবলগীয়া হয়।
news18assam
Updated: April 21, 2019, 5:44 PM IST
বিষৰ বাবে এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰৰ পৰা বাহিৰ হ’বলগীয়া হৈছে ধিং এক্সপ্ৰেছ হিমা দাস। দেশৰ পদক প্ৰত্যাশী অসম সন্তানগৰাকীয়ে দেওবাৰে দোহাৰ খলিফা ষ্টেডিয়ামত দৌৰৰ মাজতে পিঠিৰ প্ৰচণ্ড বিষৰ বাবে ট্ৰেক এৰিবলগীয়া হয়। ১৯বছৰীয়া তাৰকা খেলুৱৈগৰাকীয়ে বিষৰ মাজতো নিজৰ খেল অব্যাহত ৰাখিবলৈ চেষ্টা কৰি ব্যৰ্থ হয়। পিঠি আৰু কঁকালৰ বিষত জৰ্জৰ হিমাই ট্ৰেকৰ ওপৰতে শুই পৰে। প্ৰাৰম্ভিক ৰাউণ্ডৰ ২০০ মিটাৰ পইণ্টত হিমাই বিষত কেঁকাই শুই পৰে। টুইটাৰত হিমা দাসৰ কেইখনমান ফটো শ্বেয়াৰ কৰি ৰাহুল পাৱাৰে কয় বিষতকৈ হিমাৰ কাৰণে অনুৰাগীসকলক হতাশ কৰাটোহে বেছি বেদনাদায়ক হ’ল। ২০০মিটাৰ পইণ্টত তল পিঠিৰ বিষত কেঁকাই হিমা শুই পৰে।



 




আৰু চাওক পৰৱৰ্তী বাতৰি