প্ৰবল বৰষুণতো কৰ্তব্য পালন নগাঁও আৰক্ষীৰ যান–বাহন শাখাৰ মহিলা জোৱানৰ, হিমা দাসৰ প্ৰশংসা

হিমা দাসৰ এই প্ৰশংসাই মনোবল বৃদ্ধি কৰিছে নগাঁও আৰক্ষীৰ যান–বাহন শাখাৰ আৰক্ষীৰ জোৱানসকলৰ।

News18-Assam
Updated:September 11, 2019, 7:10 AM IST
প্ৰবল বৰষুণতো কৰ্তব্য পালন নগাঁও আৰক্ষীৰ যান–বাহন শাখাৰ মহিলা জোৱানৰ, হিমা দাসৰ প্ৰশংসা
হিমা দাসৰ এই প্ৰশংসাই মনোবল বৃদ্ধি কৰিছে নগাঁও আৰক্ষীৰ যান–বাহন শাখাৰ আৰক্ষীৰ জোৱানসকলৰ।
News18-Assam
Updated: September 11, 2019, 7:10 AM IST
নীলোৎপল বৰা : ধাৰাসাৰ বৰষুণটো কৰ্তব্য পালন কৰা নগাঁও আৰক্ষীৰ যান-বাহন শাখাৰ মহিলা জোৱান ৰঞ্জুলা দেৱীক টুইটাৰযোগে শুভেচ্ছা জনালে ‘ধিং এক্সপ্ৰেছ’ হিমা দাসে। উল্লেখযোগ্য যে সোমবাৰে বিয়লি প্ৰবল বৰষুণত তিতি নগাঁও চহৰৰ যান–জঁট নিয়ন্ত্ৰণত ব্যস্ত আছিল মহিলা আৰক্ষী জোৱানগৰাকী।

মহিলা আৰক্ষী জোৱানগৰাকীয়ে বৰষুণত তিতি কৰ্তব্য পালন কৰাৰ ছবি ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই হিমা দাসে টুইটাৰযোগে প্ৰশংসা কৰিলে এইগৰাকী আৰক্ষী জোৱানক। হিমা দাসৰ এই প্ৰশংসাই মনোবল বৃদ্ধি কৰিছে নগাঁও আৰক্ষীৰ যান–বাহন শাখাৰ আৰক্ষীৰ জোৱানসকলৰ।

আৰু চাওক পৰৱৰ্তী বাতৰি