ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে গঠন কৰা পৰামৰ্শদাতা কমিটীৰ বৈঠকত উপস্থিত আছিল তাৰকা এথলীট হিমা দাস। গুৱাহাটীৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠক ক্ৰীড়া, সাংস্কৃতিক, শিক্ষা আৰু সামাজিক ক্ষেত্ৰৰ লগতে আন বিভিন্ন ক্ষেত্ৰৰ লোক উপস্থিত আছিল। শিক্ষক দিৱসৰ দিনা বিয়লি অনুষ্ঠিত সভাত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিশ্বজিৎ দৈমাৰী, শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীৰ উপৰি আন বহু কেইজন অতিথি।
অতিথি আৰু পৰামৰ্শদাতা কমিটীৰ সদস্যসকলে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে কেনেকৈ অসমৰ শিক্ষা ক্ষেত্ৰ শক্তিশালী কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়ে। এছিয়ান গেমছৰ স্বৰ্ণপদক বিজয়ী অৰ্জুন হিমা দাসেও শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত ক্ৰীড়া বিষয় অন্তৰ্ভুক্তি আৰু ক্ৰীড়া ক্ষেত্ৰত খেলৰ বিকাশৰ কথা উল্লেখ কৰে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাবে অসমত গঠন কৰি দিয়া পৰামৰ্শদাতা কমিটীৰ প্ৰথমখন বৈঠকত অংশ লোৱাৰ বাবে গুৱাহাটীলৈ অহা হিমা দাসে দুদিন পিছতে পুনৰ পাটিয়ালালৈ উভতি গৈ অলিম্পিক গেমছত যোগ্যতা অৰ্জনৰ বাবে অনুশীলনত অংশ ল’ব।