মুখ্যপৃষ্ঠা » খবৰ

» অসম

»সৰুসজাই ষ্টেডিয়ামত পালন কৰা হল ধিং এক্সপ্ৰেছ হিমা দাসৰ ২১ সংখ্যক জন্মদিন

সৰুসজাই ষ্টেডিয়ামত পালন কৰা হল ধিং এক্সপ্ৰেছ হিমা দাসৰ ২১ সংখ্যক জন্মদিন

News18 Assam | News18-Assam
Updated:January 9, 2021, 8:02 PM IST
সৰুসজাই ষ্টেডিয়ামত পালন কৰা হল ধিং এক্সপ্ৰেছ হিমা দাসৰ ২১ সংখ্যক জন্মদিন
ধিং এক্সপ্ৰেছ হিমা দাসৰ আজি ওপজা দিন।

ধিং এক্সপ্ৰেছ হিমা দাসৰ আজি ওপজা দিন।

  • Share this:
ধিং এক্সপ্ৰেছ হিমা দাসৰ আজি ওপজা দিন। আজি ২১ বছৰত ভৰি দিলে হিমা দাসে। হিমা দাসৰ জন্মদিনৰ লগত সংগতি ৰাখি ৯ জানুৱাৰীৰ দিনটোত সৰুসজাই ষ্টেডিয়ামত আনুষ্ঠুপীয়াকৈ হিমা দাসৰ জন্মদিন উদযাপন কৰে প্ৰশিক্ষক আৰু অনুৰাগীসকলে।

অৰ্জুন বটা লাভ কৰা প্ৰথমগৰাকী মহিলা এথলেটিকছ খেলুৱৈ হিমা দাসে সম্প্ৰতি পাটিয়ালাত কঠোৰ অনুশীলনত ব্যস্ত হৈ আছে। উল্লেখযোগ্য যে, ২০১৮ চনত ফিণলেণ্ডৰ টাম্পায়াৰেত IAAF বিশ্ব ২০ বছৰ অনুৰ্ধ্বৰ ৪০০ মিটাৰ দৌৰত আৰু একেটা বছৰৰে জাকাৰ্তা এছিয়ান গেমছত দুটা স্বৰ্ণপদক, এটা ৰূপৰ পদকসহ মুঠ  তিনিটা পদক লাভ কৰি ইতিহাস সৃষ্টি কৰিছিল হিমা দাসে।
Published by: Himangshu Bhuyan
First published: January 9, 2021, 8:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি