মুখ্যপৃষ্ঠা » খবৰ

» অসম

»উপ আৰক্ষী অধিক্ষক পদত হিমা দাস , আজি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব নিযুক্তি পত্ৰ

উপ আৰক্ষী অধিক্ষক পদত হিমা দাস , আজি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব নিযুক্তি পত্ৰ

News18 Assam | News18-Assam
Updated:February 26, 2021, 1:05 PM IST
উপ আৰক্ষী অধিক্ষক পদত হিমা দাস , আজি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব নিযুক্তি পত্ৰ
ধিং এক্সপ্ৰেছ হিমা দাসক অসম আৰক্ষীৰ উপ-আৰক্ষী অধিক্ষক পদত নিযুক্তি দিয়া হ'ল।

ধিং এক্সপ্ৰেছ হিমা দাসক অসম আৰক্ষীৰ উপ-আৰক্ষী অধিক্ষক পদত নিযুক্তি দিয়া হ'ল।

  • Share this:
ধিং এক্সপ্ৰেছ হিমা দাসক অসম আৰক্ষীৰ উপ-আৰক্ষী অধিক্ষক পদত নিযুক্তি দিয়া হ'ল। শুকুৰবাৰে সৰুসজাই ষ্টেডিয়ামত নৱনিযুক্ত এছআইক নিযুক্তি পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু এই অনুষ্ঠানাতে হিমা দাসকো ডিএছপি পদত বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। উল্লেখ্য যে,  আজিৰ দিনটোতে সৰ্বমুঠ ৫৯৭ গৰাকী প্ৰাৰ্থীক দিয়া হ'ব এছআই হিচাপে নিযুক্তি।



ক্ৰীড়া নীতি ২০১৭-২০১৮ বৰ্ষৰ মতে, হিমা দাসক ডিএছপি নিযুক্তি দিয়া হৈছে। হিমা দাসক ডিএচপি পদত নিযুক্তি দিয়া বাবে নিযুক্তি ব’ৰ্ডৰ সকলো সদস্যক ধন্যবাদ জনাই আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। মহন্তই লগতে কয় ‘ আজি এটা অতি বিশেষ দিন। বহু চেষ্টাৰ ফলত নিকাভাৱে এছআই নিযুক্তি দিব পৰা হৈছে। হিমা দাসে নিজেই মোক কৈছিল ডিএছপি হোৱাৰ কথা।’
Published by: Himangshu Bhuyan
First published: February 26, 2021, 1:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি