হাইলাকান্দিত গ্ৰেপ্তাৰ কৰা হয় মেডিকেল কলেজৰ ছাত্ৰজন।
হাইলাকান্দিত গ্ৰেপ্তাৰ কৰা হয় মেডিকেল কলেজৰ ছাত্ৰজন।
আফগানিস্তান দখল কৰিলে তালিবানে। তালিবানৰ আতংকত এতিয়া দিন পাৰ কৰিছে আফগান লোকসকলে। সকলো সময়তে কেৱল মৃত্যুৰ ভয়। তালিবানৰ সমৰ্থনত এইবাৰ ছচিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ'ল তেজপুৰ মেডিকেল কলেজৰ ছাত্ৰ। হাইলাকান্দিত গ্ৰেপ্তাৰ হোৱা ছাত্ৰজনৰ নাম নাদিম আখতাৰ লস্কৰ। ছাত্ৰজন বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত তৃতীয় বৰ্ষৰ ছাত্ৰ।
ধৃত ছাত্ৰগৰাকীৰ ঘৰ হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বড়জুড়াই গাঁৱত। শনিবাৰ পুৱা নিজৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৰ্তমানে ধৃত নাদিম আখতাৰক হাইলাকান্দি সদৰ থানাত আটক কৰি সোধা-পোছা চলাইছে আৰক্ষীয়ে।
উল্লেখ্য যে, তালিবানৰ সমৰ্থনত ফেচবুক, টুইটাৰ আদিৰ দৰে সামাজিক মাধ্যমত বিভিন্ন পোষ্ট শ্বেয়াৰ কৰাৰ অভিযোগত ৰাজ্যত ১৪ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অসম আৰক্ষীৰ গুৱাহাটীস্থিত বিশেষ বিভাগে ৰাজ্যৰ ১১ খন জিলাৰ ১৭টা প্ৰফাইলৰ তদন্ত আৰম্ভ কৰিছিল। যাৰ ভিতৰত ১০ খন জিলাত ইতিমধ্যে ১৪ গৰাকী ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|