দেশজুৰি উত্তাল হৈ থকা হিজাব বিতৰ্ক (Hijab Row)ক অৰ্থহীন আখ্যা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। কৰ্ণাটকৰ পৰা আৰম্ভ হোৱা হিজাব বিতৰ্কই দেশৰ সৰ্বস্তৰৰ লোকক জোকাৰি গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মুছলিম মহিলা (Muslim Women)ৰ বাবে হিজাবতকৈ শিক্ষাহে অধিক জৰুৰী আৰু সেয়ে হিজাবক লৈ চলা বিতৰ্কৰ কোনো মূল্য নাই।
'হিজাবক লৈ বিতৰ্ক অৰ্থহীন। মুছলিম মহিলাৰ বাবে শিক্ষাহে অধিক গুৰুত্বপূৰ্ণ, হিজাব নহয়। শিক্ষা প্ৰদানৰ নামত হিজাবক লৈ চলা বিতৰ্কৰ কোনো মূল্য নাই।' মুম্বাইত আজি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
There should be no controversy around #HijabRow. If one tries to read the Quran Sharif properly, it focussed on education, not hijab. Now, it's become a question, whether education is important or hijab... Muslim's biggest responsibility is education: Assam CM Himanta Biswa Sarma pic.twitter.com/VQBBPoPPgx