ডিব্ৰুগড়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ডিব্ৰুগড় চিকিত্সা মহাবিদ্যালয়ৰ চিকিত্সক ডা০ সিদ্ধি প্ৰসাদ দেউৰী আৰু মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰে শুই থকা অৱস্থাত ঘৰৰ ১২ বছৰীয়া বনকৰা শিশুৰ দেহত ঢালি দিলে উতলা গৰমপানী। ঘটনাই এতিয়া সৰ্বত্ৰ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল।
শিশুটিক অত্যাচাৰ কৰা ভিডিঅ’ ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছিল। পিছত শিশু কল্যান সমিতিয়ে উচ্চ শিক্ষিত দম্পতিটোৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। কিন্তু এজাহাৰ দাখিল কৰাৰ ২৪ ঘণ্টাৰ পিছতো আৰক্ষীয়ে চিকিত্সক আৰু অধ্যক্ষাৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠে।
কিন্তু সংবাদমাধ্যমত বিষয়টোৱে চৰ্চা লাভ কৰাৰ পিছতে বুধবাৰে সিদ্ধিপ্ৰসাদ দেউৰীৰ বাসগৃহত আৰক্ষীয়ে তালাচী চলায়। লগত আহে দুজন দণ্ডাধীশ। কিন্তু আৰক্ষী অহাৰ খবৰ পাই পলায়ন কৰে চিকিত্সক সিদ্ধিপ্ৰসাদ আৰু মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰে। বৰ্তমানো উচ্চ শিক্ষিত দম্পতিটোক বিচাৰি আৰক্ষীয়ে চলাই আছে অভিযান।
শিশু কল্যান সমিতিক শিশুটিয়ে জনোৱা মতে, দুবছৰৰ পূৰ্বে তেওঁক যোৰহাটৰ পৰা আনিছিল সিদ্ধিপ্ৰসাদ আৰু তেওঁৰ পত্নীয়ে। দুবছৰে শিশুটিৰ ওপৰত অকথ্য শাৰীৰিক নিৰ্যাতন চলাইছে দম্পতিটোৱে। আনকি শুবলৈ দিয়া নাই এখন বিচনা, এখন কাপোৰো।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|