উচ্চতম ন্যায়ালয়ৰ পৰা কোনোধৰণৰ উপশম নাপালে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোডিয়াই। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তৰা মানহানি গোচৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল মণীষ চিছোডিয়া। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বতে বাতিল কৰি থৈছে দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ আৱেদন। গুৱাহাটী উচ্চ ন্যায়ালয়তো মুখ্যমন্ত্ৰীৰ মানহানিৰ গোচৰৰ পৰা উপশম বিচাৰি মুখ থেকেচা খাইছে আম আদমী পাৰ্টীৰ নেতাজনে।
উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনায় এইবাৰ মণীষে কাষ চাপিছিল সৰ্বোচ্চ ন্যায়ালয়ৰ। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোডিয়াই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰোনা মহামাৰীৰ সময়ত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ শিতানত বজাৰ মূল্যতকৈ অধিক দামত পিপিই কিট (PPE kit) ক্ৰয় কৰাৰ অভিযোগ আনিছিল। এই অভিযোগ খণ্ডন কৰি ড০ শৰ্মাই চিছোডিয়াৰ বিৰুদ্ধে গুৱাহাটীত গোচৰ তৰিছিল।
সোমবাৰে অনুষ্ঠিত হোৱা শুনানিত, উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে কয় – চিছোডিয়াই কেতিয়াবাই শর্মাৰ ওচৰত ক্ষমা খুজিব লাগিছিল। উচ্চতম ন্যায়ালয়ে লগতে কয় যে, যি সময়ত দেশ এক অতিমাৰীৰ মাজৰে পাৰ হৈছে তেনে সময়ত দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ এনে মন্তব্য দুৰ্ভাগ্যজনক; চিছোডিয়াই ইয়াৰ পৰিণতিৰ সন্মুখীন হ'বই লাগিব।
চিছোডিয়াৰ অধিবক্তাই কোনো পইছা লেন দেনৰ কথা চিছোডিয়াই কোৱা নাছিল বুলি যুক্তি দিছিল। কিন্তু সেই যুক্তি সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ নকৰিলে । অৱশেষত উচ্চতম ন্যায়ালয়ে আৱেদন গ্ৰহণ কৰাৰ কোনো অৱকাশ নেদেখি উপ মুখ্যমন্ত্ৰীৰ অধিবক্তাই আবেদনখন ঘূৰাই লয়। অসমৰ মুখ্যমন্ত্ৰীৰ অপৰাধীক মানহানিৰ গোচৰটো কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বিবেচনাধীন হৈ আছে ।
Published by: Sehnaz Begum
FIRST PUBLISHED : December 13, 2022, 10:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।