কাজিৰঙাৰ ঘূৰিব অত্যাধুনিক প্ৰযুক্তিৰ দ্ৰোণ, নজৰ ৰাখিব চোৰাং চিকাৰীৰ গতিবিধি, বেদখলৰ ওপৰত

News18 Assam | News18-Assam
Updated:September 16, 2020, 2:54 PM IST
কাজিৰঙাৰ ঘূৰিব অত্যাধুনিক প্ৰযুক্তিৰ দ্ৰোণ, নজৰ ৰাখিব চোৰাং চিকাৰীৰ গতিবিধি, বেদখলৰ ওপৰত
স্বয়ংক্ৰিয়ভাৱে কাম কৰিব পৰা দ্ৰোণখনেৰে ভৌগোলিক দিশ পৰ্যবেক্ষণ কৰি বেদখলৰ ক্ষেত্ৰতো দৃষ্টি ৰাখিব পাৰিব উদ্যান কৰ্তৃপক্ষই৷

স্বয়ংক্ৰিয়ভাৱে কাম কৰিব পৰা দ্ৰোণখনেৰে ভৌগোলিক দিশ পৰ্যবেক্ষণ কৰি বেদখলৰ ক্ষেত্ৰতো দৃষ্টি ৰাখিব পাৰিব উদ্যান কৰ্তৃপক্ষই৷

  • News18 Assam
  • Last Updated: September 16, 2020, 2:54 PM IST
  • Share this:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে এইবাৰ ব্যৱহাৰ কৰা হ’ব উন্নত প্ৰযুক্তিৰ দ্ৰোণ৷ ৰাষ্ট্ৰীয় উদ্যানখনত ইয়াৰ পূৰ্বে দ্ৰোণ ব্যৱহাৰ কৰা হৈছিল যদিও ইয়াত প্ৰয়োজনীয় সকলো সুবিধা উপলব্ধ নাছিল৷ গতিকে উন্নত প্ৰযুক্তি সংলগ্ন দ্ৰোণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে চৰকাৰে প্ৰদান কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক।

স্বয়ংক্ৰিয়ভাৱে কাম কৰিব পৰা দ্ৰোণখনেৰে ভৌগোলিক দিশ পৰ্যবেক্ষণ কৰি বেদখলৰ ক্ষেত্ৰতো দৃষ্টি ৰাখিব পাৰিব উদ্যান কৰ্তৃপক্ষই৷ তদুপৰি চোৰাং চিকাৰীৰ গতিবিধিৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যজন্তুৰ বিচৰণ দ্ৰোণত সংলগ্ন উন্নত মানৰ কেমেৰাৰ মাধ্যমেৰে পৰ্যবেক্ষণ কৰিব পৰা যাব বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷ দ্ৰোণখন পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰ্যায়ক্ৰমে বিষয়া–বনকৰ্মীসকলোকে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে৷
Published by: Sanjay Kumar Das
First published: September 16, 2020, 2:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading