মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কাৰ্বি পাহাৰৰ ৰাজনীতিৰ পিতামহ, কংগ্ৰেছ নেতা বীৰেনছিং ইংতিৰ কাষত বিজেপি নেতাসকলে কি কৰিছে?

কাৰ্বি পাহাৰৰ ৰাজনীতিৰ পিতামহ, কংগ্ৰেছ নেতা বীৰেনছিং ইংতিৰ কাষত বিজেপি নেতাসকলে কি কৰিছে?

News18 Assam | News18-Assam
Updated:August 18, 2021, 11:43 PM IST
কাৰ্বি পাহাৰৰ ৰাজনীতিৰ পিতামহ, কংগ্ৰেছ নেতা বীৰেনছিং ইংতিৰ কাষত বিজেপি নেতাসকলে কি কৰিছে?
বিজেপিত যোগ দিব নেকি বীৰেনছিং ইংতিয়ে?

বিজেপিত যোগ দিব নেকি বীৰেনছিং ইংতিয়ে?

  • Share this:

কাৰ্বি পাহাৰৰ ৰাজনীতিৰ পিতামহ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, কংগ্ৰেছ নেতা বীৰেনছিং ইংতি। ডিফু লোকসভা সমষ্টিৰ পৰা সাতবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকীৰ বাসগৃহত অকস্মাৎ দেখা গ'ল বিজেপিৰ শীৰ্ষ নেতাসকলক। অসম বিধান সভাৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰলৈ ডিফু ভ্ৰমণসূচীলৈ যোৱা ডাঃ নোমল মমিনে আশীৰ্বাদ ল'বলৈ প্ৰথমেই উপস্থিত হৈছিল বীৰেনছিং ইংতিৰ বাসগৃহত।


ডাঃ নোমল মমিনে বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকীক সম্ভাষণ জনোৱাৰ সময়ত বাসগৃহত উপস্থিত আছিল বীৰেনছিং ইংতিৰ পুত্ৰ প্ৰাক্তন বিধায়ক ক্লেংডং ইংতি। ডাঃ নোমল মমিনে কাৰ্বি পাহাৰৰ ৰাজনীতিৰ পিতামহগৰাকীক সম্ভাষণ জনোৱাৰ পিছতেই বীৰেনছিং ইংতিৰ বাসগৃহত উপস্থিত হয় ডিফু সমষ্টিৰ বিজেপি সাংসদ হৰেনছিং বে, কাৰ্বি আংলং স্বায়িত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহা, হাওৰাঘাট সমষ্টিৰ বিজেপি বিধায়ক দৰছিং ৰংহাঙৰ উপৰি বিজেপিৰ আন বহু সংখ্যক নেতা।


বৰ্তমান সময়ত কংগ্ৰেছৰ এজনৰ পিছত আনজন নেতাই বিজেপিত যোগ দিয়াৰ সময়তে প্ৰবীণ কংগ্ৰেছী নেতাগৰাকীৰ বাসগৃহত বিজেপিৰ হাই প্ৰফাইল নেতাৰ উপস্থিতিয়ে পাহাৰৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে। বুধবাৰৰ সাক্ষাৎ সৌজন্যমূলক বুলি নেতাসকলে দাবী কৰিলেও এই সাক্ষাৎ কালত ৰাজনীতিৰ কথাও আলোচনা যিহেতু হৈছিল, সেয়ে এই সাক্ষাৎ এতিয়া বিশেষভাৱে চৰ্চিত হৈ আছে কাৰ্বি পাহাৰৰ ৰাজনীতিত।

Published by: Gautam Barman
First published: August 18, 2021, 11:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি