
ধুবুৰীৰৰ গৌৰীপুৰৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।
ধুবুৰীৰৰ গৌৰীপুৰৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।
হাই মাদ্ৰাছা পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। পৰীক্ষা অনুষ্ঠিত হোৱাৰ এঘণ্টাৰ ভিতৰতে ফাদিল হৈছে হাই মাদ্ৰাছাৰ প্ৰশ্নকাকত। ধুবুৰীৰ গৌৰীপুৰৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। অঞ্চলটোৰ মদিনাতুল উলুম হাই-মাদ্ৰাছাত প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে এজন লোকক। আৰু আটক কৰা লোকজন বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্য বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, পৰীক্ষা অনুষ্ঠিত হোৱাৰ কিছু সময়ৰ পিছতে মোবাইলে মোবাইলে বিয়পি পৰে প্ৰশ্নকাকতখন। আনকি ফাদিল হোৱা প্ৰশ্নকাকত লৈ একাংশ অভিভাৱক বিদ্যালয়ৰ চৌহদৰ আশে পাশে বহি লয়। পিছত উত্তৰ কৰি কাগজৰ টুকুৰাত লিখি ৱাল পাৰ হৈ খিৰিকীয়ে পৰীক্ষাৰ্থীক যোগান ধৰা বুলিও একাংশই অভিযোগ কৰিছে।
পিছে প্ৰশ্ন কাকতখন চলিত বৰ্ষৰে নে পুৰণি সেইলৈ এতিয়াও নিশ্চিত হোৱা নাই আৰক্ষী তথা শিক্ষা বিভাগৰ লোক। ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যহত ৰাখিছে আৰক্ষীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|