সোমবাৰে বৰপেটাৰ বহৰি শিলাগাঁৱত প্ৰায় তিনি শতাধিক চৰাইৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন আৰু মুখ্য বন সংৰক্ষক(বন্যপ্ৰাণী)ক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি প্ৰতিবেদন দাখিলৰো নিৰ্দেশ দিয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পক্ষীৰ মৃত্যু বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ লগতে পৰিৱেশ আৰু বনমন্ত্ৰীক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ পিছতেই বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা।
উল্লেখ্য, বহৰিৰ শিলাগাঁৱত একাংশ কৃষকে পক্ষীয়ে কঠীয়া খাই নষ্ট কৰিব নোৱাৰাকৈ কঠীয়াৰ বীজত বিহ প্ৰয়োগ কৰাৰ বাবেই কেইবাশ পক্ষী মৃত্যুমুখত পৰিছিল ৷ পক্ষীহত্যাৰ উক্ত অমানৱীয় ঘটনাটোৰ ওপৰত বৰপেটাৰোডৰ বনাঞ্চলিক বিষয়া গৌতম মহন্তৰ গোচৰৰ ভিত্তিত মান্নান আলী নামৰ এজন লোকক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও ঘটনাটোৰ সৈতে জড়িত আন দুই অভিযুক্ত পলাতক হৈ আছে ৷
ইপিনে লু্প্তপ্ৰায় পক্ষীৰ তালিকাত সন্নিৱিষ্ট ঘৰচিৰিকাকে ধৰি পক্ষীৰ মৃত্যুৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে আদৰণি জনোৱাৰ লগতে ঘটনাটোৰ সৈতে জড়িত প্ৰতিগৰাকী অভিযুক্তক আটক কৰিবলৈ দাবী জনাইছে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|