ৰাজ্যৰ অৰ্থনীতিবিদসকলৰ পৰামৰ্শৰ প্ৰতি ৰাজ্য চৰকাৰৰ তাৎক্ষণিক সঁহাৰি

মুখ্যমন্ত্ৰীয়ে কৈছিল – মোৰ দৃঢ় বিশ্বাস আমি অৰ্থনৈতিক দিশটো পুনৰ টনকিয়াল কৰিব পাৰিম ৷
মুখ্যমন্ত্ৰীয়ে কৈছিল – মোৰ দৃঢ় বিশ্বাস আমি অৰ্থনৈতিক দিশটো পুনৰ টনকিয়াল কৰিব পাৰিম ৷
- News18 Assam
- Last Updated: May 3, 2020, 11:36 PM IST
খানাপাৰাস্থিত প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত তিনি ঘণ্টাতকৈ অধিক সময় চলা বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে কৈছিল, " শীঘ্ৰেই,অৰ্থনৈতিক কাম কাজ আগবঢ়াবলৈ পৰামৰ্শ দিছে অৰ্থনীতিবিদসকলে৷ কোৰোণাৰ বিৰুদ্ধে যুঁজখন চলাই নিবলৈ কৈছে৷ ১০০ দিনীয়া কৰ্মসূচী লোৱাৰ দিছে পৰামৰ্শ৷ টাস্ক ফ'ৰ্চ গঠন কৰি কৃষক, শ্ৰমিক, শিপিনীক সহায় কৰাৰ পৰামৰ্শ দিছে৷ দিছে অৰ্থনীতিৰ বুনিয়াদ গঢ়িবলৈ পৰামৰ্শ৷ সম্ভাৱনা থকা সকলো ক্ষেত্ৰত বিনিয়োগৰ দিছে পৰামৰ্শ৷ যোগ্য যুৱকক টাস্ক ফ’ৰ্চত নিয়োগ কৰাৰ পৰামৰ্শ দিছে৷’’
বিত্ত মন্ত্ৰীয়ে দিয়া তথ্য ভিত্তিক প্ৰতিবেদনৰ ভিত্তিত অৰ্থনীতিবিদসকলে পৰামৰ্শ প্ৰদান কৰিছে বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কৈছিল – মোৰ দৃঢ় বিশ্বাস আমি অৰ্থনৈতিক দিশটো পুনৰ টনকিয়াল কৰিব পাৰিম ৷ এই বৈঠকৰ পিছতে তাৎক্ষণিকভাৱে দেওবাৰে মুখ্যমন্ত্ৰী সোণোৱালে গঠন কৰিলে উচ্চস্তৰীয় পৰামৰ্শদাতা সমিতি৷