৯ জানৱাৰীত পুনৰ হ’ব শুনানি ৷ চিআইডিয়ে দাখিল কৰিব লাগিব কেচ ডায়েৰী
৯ জানৱাৰীত পুনৰ হ’ব শুনানি ৷ চিআইডিয়ে দাখিল কৰিব লাগিব কেচ ডায়েৰী
কা বিৰোধী প্ৰতিবাদৰ সময়ত ৰাজ্যত সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰা আৰু হিংসাত্মক ঘটনা সংঘটিত কৰাৰ বাবে উচতনি দিয়াৰ অভিযোগত চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছিল শৃংখল চলিহাক ৷ ১ জানুৱাৰীত শৃংখলৰ চিআইডিৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পিছতে আদালতে শৃংখলক প্ৰেৰণ কৰিছিল ন্যায়িক জিম্মালৈ ৷
ন্যায়িক জিম্মালৈ যোৱাৰ পিছতে জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিল জেষ্ঠ্য অধিবক্তা উপম্যানু হাজৰিকা ৷ আজি উচ্চ ন্যায়ালয়ত জামিন আবেদনৰ প্ৰথমটো শুনানী লয় আদালতে ৷ শুনানীত আবেদনকাৰী অধিবক্তা উপমান্যু হাজৰিকাৰ যুক্তি শুনি পৰৱৰ্তী শুনানীৰ দিন ৯ জানুৱাৰী ধাৰ্য কৰাৰ লগতে তদন্তকাৰী সংস্থাক কেচ ডায়েৰী দাখিল কৰাৰ নিৰ্দেশ দিয়ে ৷
ইফালে শৃংখলৰ অধিবক্তা উপমান্যু হাজৰিকাৰ দাবী কৰে যে, কোনো ধৰণৰ প্ৰমাণ নাই শৃংখলৰ বিৰুদ্ধে ৷ শৃংখলে কোনো ধৰনৰ অপৰাধ কৰা নাই বৰং চৰকাৰেহে কৰিছে অপৰাধ ৷ শৃংখলৰ বিৰুদ্ধে চিআইডিৰ ওচৰত কোনোধৰনৰ প্ৰমাণ নাই ৷ যিবোৰ ভিডিঅ ফুটেজৰ কথা কোৱা হৈছে সেইবোৰ চচিয়েল মিডিয়াত উপলব্ধ ৷ হিমন্ত,সৰ্বানন্দই ৰাজনৈতিক প্ৰতিদ্বন্দী হিচাপে শৃংখলক গ্ৰেপ্তাৰ কৰিছে কাৰণ শিৱসাগৰৰ চলিহা পৰিয়ালে বিগত ১০০ বছৰৰ ধৰি অসমৰ ৰাজনীতিৰ লগত জড়িত ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|