মুখ্যপৃষ্ঠা »খবৰ »অসম »Nalbari: শৈশৱত লুকা–ভাকু খেলা আপোনাৰ মনত পৰেনে? পঢ়ক এই প্ৰতিবেদন

Nalbari: শৈশৱত লুকা–ভাকু খেলা আপোনাৰ মনত পৰেনে? পঢ়ক এই প্ৰতিবেদন

Hide and Seek Game Memory in your Life

Hide and Seek Game Memory in your Life

আপোনাৰ বাৰু শৈশৱত লুকুা–ভাকু খেলা মনত পৰেনে? লুকা-ভাকু হৈছে এক জনপ্ৰিয় শিশুৰ খেল, এই খেল খেলি উমলি–জামলি শৈশৱ পাৰ কৰে শিশুৱে৷

  • Share this:
ৰাজেশ বৈশ্য, নলবাৰী : আপোনাৰ বাৰু শৈশৱত লুকা-ভাকু খেলা মনত পৰেনে? লুকা-ভাকুৰ কথা মনত পৰিলে চাগৈ আপুনি নষ্টালজিক হৈ পৰে ! সেয়া আছিল সুকীয়া শৈশৱ ৷

সেই শৈশৱ পাৰ কৰি অহাসকলক হয়তো ক'ব নালাগে যে লুকা-ভাকু হৈছে শিশুসকলৰ মাজত জনপ্ৰিয় এক খেল। সেই খেল খেলি উমলি-জামলি শৈশৱ পাৰ কৰিছিল শিশুৱে।অৱশ্যে সেই খেলৰ নিৰ্দিষ্ট কোনো ধৰা-বন্ধা নিয়ম নাছিল ৷ তথাপি খেলবিধৰ সৈতে শেহতীয়া এটা দুটা-এটা প্ৰজন্মলৈকে আছিল নিবিড় সম্পৰ্ক।

লুকা-ভাকু খেলত অতি কমেও দুজন নাইবা তিনিজন এক নিৰ্ধাৰিত পৰিৱেশত লুকাই থাকে, যাক এক বা তাতকৈ অধিক সন্ধানকাৰীয়ে বিচাৰি উলিয়াব লাগে। খেলটো বাছনি কৰা এজন খেলুৱৈয়ে চকু বন্ধ কৰে আৰু এটা পূৰ্বনিৰ্ধাৰিত সংখ্যা গণনা কৰে। আনহাতে আন খেলুৱৈসকলে য'ত যেনেকৈ পাৰে লুকাবলৈ পলায়। এক নিৰ্দিষ্ট নম্বৰত উপনীত হোৱাৰ পিছত চকু বন্ধ কৰি নিৰ্দিষ্ট স্থানত থকা শিশুসকলে লুকাই থকা খেলুৱৈসকলক চিনাক্ত কৰিবলৈ চেষ্টা কৰে বা বিচাৰিবলৈ দৌৰ দিয়ে।

বিচাৰি পোৱাৰ পিছত সেইজনে আৰু অন্যসকলক বিচাৰিব লগা হয়। ঠাইভেদে বিভিন্ন নিয়ম-নীতিৰে এই খেল শিশুসকলৰ মাজত চলি আহিছে। পূৰ্বতে বিদ্যালয় বন্ধৰ দিনা নাইবা বিদ্যালয়ৰ পৰা উভতি আহি আবেলিৰ সময়ত এই খেল খেলাটো একপ্ৰকাৰ অভ্যাসত পৰিণত হৈছিল। আজৰি সময়ত অৱসৰ বিনোদনৰ লগতে এই খেলা-ধূলাবোৰৰ মাজেৰে জীৱনটোক সৰস আৰু স্বাস্থ্যৱান কৰি তোলাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল। এনে খেলবোৰত প্ৰতিযোগিতাৰ ভাব তীব্ৰ নাছিল আৰু এই প্ৰতিযোগিতাৰ লগত আর্থিক লাভালাভৰ প্ৰশ্নটোও জড়িত নাছিল, যাৰ বাবে এই খেলবোৰৰ জৰিয়তে শিশুসকলৰ দৈহিক আৰু বুদ্ধিমত্তাৰ বিকাশ হৈছিল।

সময় এতিয়া সলনি হ'ল ৷ মোবাইল ফোন, ইণ্টাৰনেটৰ গ্ৰাসত পৰি প্ৰায়সকল শিশু এই খেলৰ লগত পৰিচিত নহয় যদিও গ্ৰামাঞ্চলৰ লগতে নগৰৰ কিছু অঞ্চলত আজিও যেন এই খেলৰ আনন্দ শিশুসকলৰ মাজত আছে। ঘৰৰ পদূলিৰ পৰা লুকাবলৈ পিছফালৰ পুখুৰীৰ পাৰলৈ দৌৰ দিয়া, কাষৰ ঘৰৰ চোতালেৰে ওলাই অহা এই অভিজ্ঞতাবোৰ শিশুৰ তাৎক্ষণিক বুদ্ধিমত্তাৰ বহিঃপ্ৰকাশ। চুবুৰীৰ কাৰোবাৰ ঘৰত বিয়া-সবাহ আদি অনুষ্ঠানলৈ গ'লে আপুনি এতিয়াও শিশুসকলে মুক্ত মনে দৌৰি থকা দেখিবলৈ পাব ৷ কালক্ৰমত নগৰীয়া কৃত্ৰিমতাই গাঁও অঞ্চলতো গ্ৰাস কৰিছে যদিও এতিয়াও বিভিন্ন ঠাইত শিশুৰ মাজত জনপ্ৰিয় লুকুা-ভাকু খেল।

শেহতীয়া বাতৰি