• Home
  • »
  • News
  • »
  • assam
  • »
  • Drugs : বিলাসী গাড়ীৰ গোপন চেম্বাৰত ড্ৰাগছ সৰবৰাহ, ডবকাত ৫ কোটি টকাৰ হেৰ'ইন জব্দ

Drugs : বিলাসী গাড়ীৰ গোপন চেম্বাৰত ড্ৰাগছ সৰবৰাহ, ডবকাত ৫ কোটি টকাৰ হেৰ'ইন জব্দ

Drugs : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযানত প্ৰায় পাঁচ কোটি টকাৰ হেৰ'ইনসহ বিহাৰৰ দুই যুৱক ডবকা আৰক্ষীৰ জালত পৰে  ৷

Drugs : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযানত প্ৰায় পাঁচ কোটি টকাৰ হেৰ'ইনসহ বিহাৰৰ দুই যুৱক ডবকা আৰক্ষীৰ জালত পৰে  ৷

Drugs : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযানত প্ৰায় পাঁচ কোটি টকাৰ হেৰ'ইনসহ বিহাৰৰ দুই যুৱক ডবকা আৰক্ষীৰ জালত পৰে  ৷

  • Share this:
ৰাজ্যত অব্যাহত আছে ড্ৰাগছ (Drugs)ৰ ৰমৰমীয়া ব্যাৱসায় ৷ অসম আৰক্ষীয়ে যিমানেই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈছে, সিমানেই ড্ৰাগছ ব্যাৱসায়ীসকলে ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত নিত্য নতুন কৌশল অৱলম্বন কৰিছে ৷ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযানত প্ৰায় পাঁচ কোটি টকাৰ হেৰ'ইন (Heroin)সহ বিহাৰৰ দুই যুৱক ডবকা আৰক্ষীৰ জালত পৰে  ৷

হোজাই জিলাৰ  আৰক্ষী অধীক্ষক (Hojai SP) বৰুণ পুৰকায়স্থই পোৱা গোপন খবৰৰ ভিত্তিত ডবকা আৰক্ষীৰ অভিযানত ধৰা পৰে অনুমানিক পাঁচ কোটি টকাৰ বজাৰ মূল্যৰ নিষিদ্ধ হেৰ'ইন ৷ হোজাই জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে নাগালেণ্ডৰ ডিমাপুৰ (Dimapur)ৰ পৰা এখন ব্যক্তিগত বাহনৰ জৰিয়তে এটা দুষ্ট চক্ৰই হেৰ'ইন সৰবৰাহ কৰি থকাৰ তথ্য এক গোপন সূত্ৰৰ পৰা লাভ কৰিছিল ৷ সেইমতে আৰক্ষী অধীক্ষক গৰাকীয়ে ডবকা আৰক্ষীক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছিল ৷ হোজাই জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত কুমাৰ সিঙে যোৱা নিশা ৰাষ্ট্ৰীয় পথত অভিযান চলাই AS-10-E-4078 নম্বৰৰ বলেনো গাড়ী এখন জব্দ কৰে ৷ আৰক্ষীয়ে গাড়ীখন জব্দ কৰি তন্নতন্নকৈ পৰীক্ষা কৰে যদিও হেৰ'ইনখিনি উদ্ধাৰ কৰিব পৰা নাছিল ৷ অৱশেষত গাড়ীখনৰ বডিৰ তলত এটা পৃথক চেম্বাৰ (Secrete Chamber)ৰ পৰা হেৰ'ইনখিনি জব্দ কৰে।

গাড়ীখনৰ গোপন চেম্বাৰৰ পৰা ৬১টা প্লাষ্টিকৰ বাকচত ৭৭০ গ্ৰাম ওজনৰ নিষিদ্ধ হেৰ'ইনখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ হেৰ'ইনখিনি জব্দ কৰাৰ লগতে গাড়ীখনত থকা দুজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে ক্ৰমে মোহাম্মদ ইমৰাণ আৰু মুকেশ বৰ্মন ৷ দুয়োৰে প্ৰকৃত ঘৰ বিহাৰত যদিও বৰ্তমান স্থায়ীভাৱে নাগালেণ্ডৰ ডিমাপুৰত বাস কৰে ৷

নিষিদ্ধ হেৰ'ইনখিনি ডিমাপুৰৰ পৰা ৰাষ্টীয় ঘাইপথেৰে ডবকা হৈ শিলচৰৰ পৰা আগৰতলালৈ নিয়াৰ চেষ্টা কৰিছিল ৷ হোজাই জিলা আৰক্ষীয়ে দুয়োজন লোকক এনডিপিএছ আইন (NDPS Act)ৰ অধীনত গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰাৰ অন্তত দুই যুৱকক হোজাই শংকৰদেৱ নগৰত আদালতত আজি আবেলি হাজিৰ কৰায়। আৰক্ষীয়ে পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত বিচৰাত আদালতে দুয়োকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published: