• Home
  • »
  • News
  • »
  • assam
  • »
  • Chaolung Sukapha : আহোমৰ ঐতিহ্য খোদ চৰাইদেউতে ম্লান! চাওলুং চুকাফাৰ মৈদামস্থলীত এতিয়া দেখা যায় শৌচালয়

Chaolung Sukapha : আহোমৰ ঐতিহ্য খোদ চৰাইদেউতে ম্লান! চাওলুং চুকাফাৰ মৈদামস্থলীত এতিয়া দেখা যায় শৌচালয়

আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য বহনকাৰী চৰাইদেউত এলাগী ঐতিহ্য। ঐতিহ্য ক্ষেত্ৰ সংৰক্ষণৰ বিপৰীতে চাওলুং চুকাফাৰ মৈদাম অৱহেলিত-অনাদৃত।

আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য বহনকাৰী চৰাইদেউত এলাগী ঐতিহ্য। ঐতিহ্য ক্ষেত্ৰ সংৰক্ষণৰ বিপৰীতে চাওলুং চুকাফাৰ মৈদাম অৱহেলিত-অনাদৃত।

আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য বহনকাৰী চৰাইদেউত এলাগী ঐতিহ্য। ঐতিহ্য ক্ষেত্ৰ সংৰক্ষণৰ বিপৰীতে চাওলুং চুকাফাৰ মৈদাম অৱহেলিত-অনাদৃত।

  • Share this:
যিসময়ত বিশ্বৰ প্ৰেক্ষাপটত ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য বহনকাৰী কীৰ্তিচিহ্নসমূহৰ বিষয়ে আলোচনা হৈছে, তেনে সময়তে অসমীয়া জাতিৰ জনক হিচাপে বিবেচিত তথা বৰ অসমৰ শ্ৰেষ্ঠ স্বৰ্গদেউ চাওলুং চুকাফাৰ পৱিত্ৰ সমাধিস্থল আজি অৱহেলিত-উপেক্ষিত হৈছে।

বৰ অসমৰ ভেটি গঢ়োঁতা চাওলুং চুকাফাৰ মৈদাম অৰ্থাৎ পৱিত্ৰ সমাধিস্থলৰ ভূমি আজি বেদখলকাৰীৰ কবলত। কেৱল এয়াই নহয় চুকাফা মৈদামৰ ভূমিত নিৰ্মাণ কৰা হৈছে চৰকাৰৰ অনাময় আঁচনিৰ শৌচালয়।

আনহাতে মৈদামৰ মাটি বেদখল কৰি ঘৰ সাজি বসতি স্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত চুকাফা মৈদামৰ প্ৰৱেশ পথটো এঘৰ লোকৰ ঘৰলৈকে নিৰ্মাণ কৰি আধাতে কাম সামৰিবলগীয়া হৈছে কৰ্তৃপক্ষই। ইয়াৰ ফলত সমগ্ৰ চৰাইদেউ জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

চাওলুং চুকাফাৰ মৈদাম দীৰ্ঘদিন ধৰি অচিনাক্ত অৱস্থাত থকাৰ পিছত স্থানীয় বুৰঞ্জীবিদসকলে আহোম জনগোষ্ঠীয় দল-সংগঠনসমূহৰ লগ হৈ ২০১৫ বৰ্ষত চৰাইদেউ দেওশালৰ সমীপত চুকাফাৰ মৈদামটো চিনাক্ত কৰি উদ্ধাৰ কৰে। সেই সময়ত এই মৈদামটোৰ লগতে আন কেইবাটাও মৈদাম চিনাক্তকৰণ তথা উদ্ধাৰ কৰি নামফলক সংস্থাপন কৰে।

কিন্তু দুৰ্ভাগ্যজনকভাৱে চুকাফাৰ মৈদাম আজিলৈকে চৰকাৰীভাৱে সংৰক্ষণ কৰা পৰিলক্ষিত নহ'ল। তাৰ বিপৰীতে একাংশ লোকে মৈদামৰ ভূমি বেদখল কৰি চাহ বাগিচা স্থাপনৰ লগতে ঘৰ-শৌচালয় সাজি গজগজীয়াকৈ বহি লোৱাহে দেখা গৈছে।

ইফালে এই সন্দৰ্ভত চৰকাৰক বাৰম্বাৰ আহ্বান জনোৱাৰ উপৰি সংবাদ মাধ্যমতো বাৰম্বাৰ প্ৰচাৰিত হৈ আহিছে চাওলুং চুকাফাৰ মৈদামৰ কথা। তাৰ পিছতো কোনোধৰণৰ গুৰুত্ব নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ।

মৈদামটো সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে চৰকাৰে পেকেজ ঘোষণা কৰিছিল যদিও আজিকোপতি সেই পেকেজৰ কোনো কাম-কাজ আগবঢ়া পৰিলক্ষিত নহ'ল। ইয়াৰ ফলত এতিয়া ক্ষুণ্ণ হৈ উঠা জনসাধাৰণে শীঘ্ৰেই চুকাফা মৈদাম ক্ষেত্ৰ বেদখলমুক্ত কৰি সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ দাবী উত্থাপন কৰিছে।

আনহাতে চৰাইদেউ আমাৰ গৌৰৱ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকৰ্তাসকলে চৰকাৰে অতি শীঘ্ৰে এই বিষয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হ'ব বুলি জনাইছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি