পুত্ৰই অসম আৰক্ষীত চাকৰি কৰে, কান্দি কান্দি বৃদ্ধাশ্ৰমত আশ্ৰয় লৈছে সত্তৰোৰ্ধ্বৰ মাতৃয়ে

জীৱনৰ বিয়লি বেলাত দুই পুত্ৰৰ ঘৰত স্থান নাই জন্মদাত্ৰী মাতৃৰ। উপায়ন্তৰ হৈ আশ্ৰয় গৃহৰ বাসিন্দা হ’বলগীয়া হৈছে পিৰলা দাস নামৰ মহিলাগৰাকীয়ে।

News18-Assam
Updated:October 27, 2019, 10:05 AM IST
পুত্ৰই অসম আৰক্ষীত চাকৰি কৰে, কান্দি কান্দি বৃদ্ধাশ্ৰমত আশ্ৰয় লৈছে সত্তৰোৰ্ধ্বৰ মাতৃয়ে
জীৱনৰ বিয়লি বেলাত দুই পুত্ৰৰ ঘৰত স্থান নাই জন্মদাত্ৰী মাতৃৰ। উপায়ন্তৰ হৈ আশ্ৰয় গৃহৰ বাসিন্দা হ’বলগীয়া হৈছে পিৰলা দাস নামৰ মহিলাগৰাকীয়ে।
News18-Assam
Updated: October 27, 2019, 10:05 AM IST
ঘটনাটো বঙাইগাঁৱৰ চিটকাগাঁৱৰ। মহিলাগৰাকীৰ দুজন পুত্ৰ। ডাঙৰ পুত্ৰ বিদুভূষণ দাস ৰাজমিস্ত্ৰী, সৰুপুত্ৰ মিলন দাসে অসম আৰক্ষীত চাকৰি কৰে। কিন্তু জীৱনৰ বিয়লি বেলাত দুই পুত্ৰৰ ঘৰত স্থান নাই জন্মদাত্ৰী মাতৃৰ। উপায়ন্তৰ হৈ আশ্ৰয় গৃহৰ বাসিন্দা হ’বলগীয়া হৈছে পিৰলা দাস নামৰ মহিলাগৰাকীয়ে।

বিগত সময়ত বৰপুত্ৰ বিদুভূষণ দাসৰ সৈতে আছিল পিৰলা দাস। কিন্তু তিনি-চাৰি মাহ পূৰ্বে পুত্ৰই ঘৰৰ উলিয়াই দিলে মাতৃক। এই সময়ছোৱাত স্থানীয় দৌল–মন্দিৰ আৰু বিভিন্ন ৰাজহুৱা স্থানত আশ্ৰয় গ্ৰহণ কৰি থাকিবলগীয়া হয় বৃদ্ধাগৰাকীয়ে৷ ভোকে-লোঘণে থকা বৃদ্ধাগৰাকীক স্থানীয় একাংশ লোকে মাজে–সময়ে আহাৰৰ ব্যৱস্থা কৰি দিলেও নিজ পুত্ৰই কোনো দিনে খা–খবৰ নল’লে৷

পুত্ৰই আঁকোৱালি ল’ব বুলি মাজে–সময়ে ঘৰলৈ গৈছিল যদিও আকৌ পুত্ৰ–বোৱাৰীৰ লাঞ্ছনা শুনি উভতি আহিবলগীয়া হৈছিল। ইফালে, কনিষ্ঠ পুত্ৰ মিলন দাস সম্প্ৰতি বঙাইগাঁও চহৰৰ শ্বহীদ বেদীত নিগাজীকৈ থাকিবলৈ লৈছে। পিৰলা দাসে আশ্ৰয় বিচাৰি বহুবাৰ সৰুপুত্ৰৰ কাষ চাপিছিল যদিও বাৰে বাৰে খেদি পঠিয়াইছিল মাতৃক। ইমানেই নহয়, বৃদ্ধাগৰাকীয়ে লাভ কৰা ইন্দিৰা আৱাস যোজনাৰ ঘৰৰ পৰাও জ্যেষ্ঠ পুত্ৰ আৰু বোৱাৰীয়ে খেদি পঠিয়াই মহিলাগৰাকীক।

গৃহহীন বৃদ্ধাগৰাকীৰ দুৰৱস্থা দেখি গাঁওবাসীয়ে ৰাজহুৱা সভা পাতি দুই পুত্ৰক নিজ মাতৃৰ দায়িত্ব গ্ৰহণৰ আহ্বান জনায়৷ কিন্তু চহৰত থকা আৰক্ষীত কৰ্মৰত পুত্ৰই সভাত উপস্থিত নহৈ এইবোৰ চিন্তা কৰিবলৈ সময় নাই বুলি কৈ মাতৃৰ দায়িত্ব গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে৷ বৃদ্ধাগৰাকীৰ এনে আলৈ–আথানি প্ৰত্যক্ষ কৰি দুই পুত্ৰক বহুবাৰ আবেদন জনোৱাৰ পিছতো কোনো গুৰুত্ব নিদিয়াত উপায়ন্তৰ হৈ ৰাইজে আৰক্ষীৰ সৈতে যোগাযোগ কৰে৷



আৰক্ষীৰ দল গাঁওখনত উপস্থিত হৈ বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি মাজগাঁওস্থিত সৰ্বাংগীন বিকাশ ট্ৰাষ্টৰ অধীনত থকা সখী আশ্ৰয় গৃহত ৰখাৰ ব্যৱস্থা কৰে৷ জন্মদাত্ৰী মাতৃক দুই পুত্ৰই নিৰাশ্ৰয় কৰি ঘৰৰ পৰা খেদি পঠিওৱা কাৰ্যক ৰাইজে ধিক্কাৰ জনাইছে৷


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি