নগাঁৱৰ ৰাজপথৰ সংঘটিত এক ঘটনাই পুনৰ লজ্জিত কৰিলে মানৱতাক। কোনো পাষাণ হৃদয়ৰ লোকে ৰাজপথৰ কাষত পেলাই থৈ যোৱা নৱজাতকক কুকুৰে ভক্ষণ কৰা দৃশ্যই সকলোৰে হৃদয় ব্যথিত কৰিছে।
নগাঁৱৰ ম'হখুলিৰ মাতৃ আৰু শিশু স্বাস্থ্য কেন্দ্ৰৰ সমীপত কোনো অচিন লোকে পেলাই থৈ যোৱা এটি নৱজাতকৰ মৃতদেহ কুকুৰে ৰাজপথলৈ চোঁচোৰাই আনি ভক্ষণ কৰা দৃশ্যই সমগ্ৰ নগাঁৱতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
নাৰেঙ্গী-নলতলি সংযোগী ৰাজ্যিক ঘাইপথৰ মাজমজিয়াত বিয়লি প্ৰায় ৪ বজাত এই দৃশ্য পথচাৰীয়ে প্ৰত্যক্ষ কৰাৰ পিছতে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। উল্লেখযোগ্য যে আজি পুৱাৰ ভাগতো চিকিৎসালয়খনৰ কাষৰ নলাত এটি নৱজাতকক কোনো অচিন লোকে পেলাই থৈ গৈছিল।
Published by: Gautam Barman
FIRST PUBLISHED : November 02, 2022, 02:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।