বিহুৰ বতৰত ধুমুহা-বৰষুণে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিধি-পথালি দিছে। চিৰাঙৰো বিজনীত যোৱা নিশা সংঘটিত হয় অঘটন ৷ নিশা অহা প্ৰচণ্ড ধুমুহাত প্ৰকাণ্ড গছ ভাঙি পৰে বিহুতলীত ৷ সাংস্কৃতিক সন্ধিয়া চলি থকাৰ মাজতে সংঘটিত হোৱা ঘটনাত আহত হয় ১৭গৰাকীকৈ লোক৷
ইয়াৰে ২জনৰ অৱস্থা সংকটজনক ৷ কামাৰগাঁও ৰঙালী বিহু উদযাপন সমিতিৰ সাংস্কৃতিক সন্ধিয়া চলি থকাৰ সময়তে প্ৰচণ্ড ধুমুহা-বৰষুণে জোকাৰি যায় সমগ্ৰ অঞ্চলটো ৷ হঠাতে অহা ধুমুহাত বিহুতলীৰ কাষতে থকা গছ এডাল ভাঙি পৰে ৷ গছ ভাঙি ৰভাৰ ওপৰত পৰাৰ ফলত বহু লোক আহত হয় ৷ গছ পৰি বিহুতলীত থকা বাহনৰো ক্ষতি কৰে ৷ সাংস্কৃতিক সন্ধিয়া চলি থকাৰ মাজতে সংঘটিত এই ঘটনাৰ পিছতে ৰাইজৰ মাজত হুৱাদুৱা লাগে ৷
আহতসকলক ইতিমধ্যে চিকিৎসালয় লৈ নিয়া হৈছে ৷ আহতসকলৰ মাজত সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণৰ বাবে যোৱা কেইবাগৰাকী লোকো আছে ৷ ইফালে ঘটনাৰ খবৰ পাই দেওবাৰে বিধায়ক অজয় ৰয় বিহুতলীত উপস্থিত হৈ খা-খবৰ লয় ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|