ৰাজ্যত কেইবামাহ ধৰি বৰষুণে দেখা নিদিয়াৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি হোৱাৰ লগতে বহুতো অসুবিধাই গঢ় লৈ উঠিছিল। বৰষুণৰ অভাৱত মানুহে বিভিন্ন সমস্যাত ভুগিব লগা হয়, বিশেষকৈ কৃষিৰ লগত জড়িত লোকসকলে অধিক সমস্যাত ভোগে। কিন্তু শেহতীয়াকৈ ধূলি শেষ কৰি বৰষুণে দেখা দিলে ৰাজ্যৰ কেইবাখনো ঠাইত। যদিও এফালে বৰষুণ অহাৰ বাবে বহুতে কিছু সকাহ পাইছে, আকৌ আনফালে বহু ঠাইত বতাহ–ধুমুহা, শিলাবৃষ্টিয়ে ক্ষয়-ক্ষতি সাধন কৰিছে। বুধবাৰে নিশা অসমৰ বিভিন্ন অঞ্চলৰ লগতে কাকপথাৰ, ডিৰাকত হোৱা ধুমুহা-শিলাবৃষ্টিৰ ফলত সেই ঠাইৰ বহু লোকৰ বাসগৃহৰ ক্ষতিসাধন হয়।
নিশা অহা ধুমুহা-শিলাবৃষ্টিৰ ফলত তিনিচুকীয়া জিলাৰ কাকপথাৰ, ডিৰাক অঞ্চলটোত বিস্তৰ ক্ষতিসাধন হোৱা দেখা যায়।
শিলাবৃষ্টিৰ ফলত লাজুম, চেঙেলীজান, কলিতা চুক, সৰুমছাই, ডিৰাক, ৰংপুৰীয়া ইত্যাদি গাঁও সমূহত বহু বাসগৃহৰ টিনত ছিদ্ৰ হোৱাৰ লগতে ধুমুহাৰ ফলত বহু ঠাই গছ-গছনি ভাঙি পৰা দেখা যায়। ইয়াৰোপৰি, প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত চেঙেলীজান গাঁৱৰ ৰাজহুৱা নামঘৰটোৰ টিন ফুটি বহু অনিষ্ট হোৱাও পৰিলক্ষিত হৈছে ।
বৰষুণ তথা শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতি হোৱাৰ পিছত এই অঞ্চলসমূহত চৰকাৰ, প্ৰশাসনৰ সহায়ৰ আহ্বান জনাইছে ক্ষতিগ্ৰস্ত ৰাইজে।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 23, 2023, 09:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।