বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, অহা ২৪ ঘণ্টাৰ ভিতৰত অসম আৰু মেঘালয়ৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভৱনা আছে। উজনি, নামনিৰ লগতে গুৱাহাটী মহানগৰীতো প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা দেখিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, শনিবাৰৰ পৰা ৰাজ্যত বৰষুণৰ পৰিমাণ কমিব।