অসমৰ লগতে অৰুণাচল প্ৰদেশ, মেঘালয়ৰ বিভিন্ন ঠাইত অহা দেওবাৰৰ পৰা মঙলবাৰলৈ হ’ব প্ৰৱল বৃষ্টিপাত।
অসমৰ লগতে অৰুণাচল প্ৰদেশ, মেঘালয়ৰ বিভিন্ন ঠাইত অহা দেওবাৰৰ পৰা মঙলবাৰলৈ হ’ব প্ৰৱল বৃষ্টিপাত।
মৌচুমীৰ প্ৰভাৱ পৰিব উত্তৰৰ পূৰ্বাঞ্চলত! অসমৰ লগতে অৰুণাচল প্ৰদেশ, মেঘালয়ৰ বিভিন্ন ঠাইত অহা দেওবাৰৰ পৰা মঙলবাৰলৈ হ’ব প্ৰৱল বৃষ্টিপাত। ২৪ ঘণ্টাৰ ভিতৰত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু অঞ্চলত বৰষুণৰ হোৱাৰ সম্ভাৱনা। এই আগজাননী দিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই।
উজনি, নামনিৰ লগতে গুৱাহাটী মহানগৰীতো দেওবাৰ আৰু সোমবাৰে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা দেখিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, বুধবাৰৰ পৰা হ্ৰাস পাব বৰষুণ।
ইফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰৰ লগে লগে আতংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ। কাৰণ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীয়ে চলাইছে ভয়ংকৰ তাণ্ডৱ। নেৰা-নেপেৰা বৰষুণৰ ফলত চিঙিছে বহু মথাউৰি, আনহাতে চিঙাৰ উপক্ৰম হৈছে কেইবাটাও মথাউৰি। গতিকে তেনে সময়ত তিনি চাৰিদিন ধৰি বৰষুণ হ’লে পৰিস্থিতি যে অধিক অৱনমিত হ’ব,সেয়া নিশ্চিত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|