‘চ’তৰ শেষৰ সময়ত বৰদৈচিলা মাকৰ ঘৰলৈ যায, হিল-দল ভাঙি চিঙি নিয়ে উৰুৱাই’
বৃহস্পতিবাৰে নিশা যেন সঁচাকৈয়ে বৰদৈচিলা মাকৰ ঘৰলৈ গ’ল! বৃহস্পতিবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল ধুমুহা আৰু বৃষ্টিপাত হয়। নিশা অহা ধুমুহা বৰষুণত প্ৰান্তে প্ৰান্তে বিস্তাৰ ক্ষতিসাধন হয়। ধুমুহাৰ ফলত গুৱাহাটী মহানগৰীৰো বিভিন্ন অঞ্চল কম বেছি পৰিমাণে দেখিবলৈ পোৱা গ’ল ধুমুহা-বৰষুণৰ তাণ্ডৱ । মহানগৰীৰ ভৰলু, ভঙাঘৰ, কালাপাহাৰ, ভূতনাথ আদি অঞ্চলত প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাঙি পৰাৰ ফলত মূল ৰাজপথ সমূহ আবদ্ধ হৈ পৰে।
File Photo
আনহাতে বিভিন্ন অঞ্চলত হৰ্ডিং আদি ভাঙি পৰাৰ লগতে গছৰ ডাল ভাঙি বিদ্যুত্ সংযোগ বিচিন্ন কৰে, ফলত কেইবা ঘণ্টা জুৰি মহানগৰবাসী অন্ধকাৰত থাকিব লগীয়া হয়। ইয়াৰ উপৰিও বকো, নগৰবেৰা, নলবাৰী, বৰপেটাৰো বিভিন্ন অঞ্চল ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হয়।
দেৰগাৱঁৰ ৰঙামাটিত শোকাৱহ ঘটনা। প্ৰচণ্ড ধুমুহাত গছ বাগৰি পৰাত এগৰাকী মহিলাই কৰুণ মৃত্যুক সাৱটি লয়। নিশা শুই থকা অৱস্থাত মহিলা গৰাকীৰ ঘৰৰ ওপৰত বাগৰি পৰে এজোপা প্ৰকাণ্ড গছ। সৌভাগ্য ক্ৰমে ৰক্ষা পৰে মহিলা গৰাকীৰ সৈতে শুই থকা এটি ১০ বছৰীয়া পুত্ৰ।
ইফালে দক্ষিণ কামৰূপৰ বকোৰ জামবাৰীত অঘটন ৷ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎৰ তাৰ ছিঙি পৰিল মূল পথত ৷ জামবাৰী-খৰখৰি পথত তাৰ ছিঙি পৰাত বন্ধ হৈ পৰিছে যাতায়ত ব্যাৱস্থা ৷
Published by: Himangshu Bhuyan
First published: April 10, 2020, 12:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|