দেওবাৰৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্চ তাপ মান ৩৬.৮ ডিগ্ৰী চেলচিয়াছ।
আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বহু কেইখন জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। অহা ২১ ছেপ্তেম্বৰৰ পৰা ২৪ ছেপ্তেম্বৰলৈকে পশ্চিম অসমৰ বহু কেইখন জিলাত কম-বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা। সেইদৰে মধ্য অসমৰ জিলাতো আছে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা।
কামৰূপ মহানগৰ জিলাত ২৪ ঘণ্টাৰ ভিতৰত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সেইদৰে ২২ , ২৩ আৰু ২৪ ছেপ্তেম্বৰতো মহানগৰৰ বিভিন্ন ঠাইত বৰষুণ হোৱাৰ আগজাননী দিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
ইফালে দেওবাৰৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্চ তাপ মান ৩৬.৮ ডিগ্ৰী চেলচিয়াছ। সেইদৰে ডিব্ৰুগড় ৩৭.৬, তেজপুৰ ৩৭.৩, শিলচৰ ৩৬.৪, ধুবুৰী ৩২.৯, যোৰহাট ৩৬.২ আৰু উত্তৰ লখিমপুৰত তাপমানে ৩৭.৭ ডিগ্ৰী চেলচিয়াছৰ ঘৰ অতিক্ৰম কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|