বাঢ়িব শীতৰ প্ৰকোপ। সেমেকা হব বতৰ। বুধবাৰৰ লগতে বৃহস্পতিবাৰৰ দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা। গুৱাহাটী মহানগৰীতো বাঢ়িব শীতৰ প্ৰকোপ। বুধবাৰে গুৱাহাটী মহানগৰীত ১৩ ডিগ্ৰী আৰু বৃহস্পতিবাৰে সৰ্বনিম্ন ১১ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাব তাপমাত্ৰা। কেৱল গুৱাহাটী মহানগৰীয়েই নহয়, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা। আজিৰ দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম বেছি পৰিমাণে বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু শুকুৰবাৰৰ পৰা বতৰ কিছু ফৰকাল হোৱাৰ সম্ভাৱনা আছে। অহা দেওবাৰে গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা ২৪ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।