உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি, ভেকচিন প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ

    সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি, ভেকচিন প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ

    তিনিশ ভেকচিনৰ বিপৰীতে হাজাৰ হাজাৰ লোকক Slip প্ৰদান।

    তিনিশ ভেকচিনৰ বিপৰীতে হাজাৰ হাজাৰ লোকক Slip প্ৰদান।

    তিনিশ ভেকচিনৰ বিপৰীতে হাজাৰ হাজাৰ লোকক Slip প্ৰদান।

    • Share this:

    দক্ষিণ কামৰূপৰ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোৰোণা ভেকচিনৰ নামত ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ হাজাৰ হাজাৰ লোকৰ পৰা OPD Slip প্ৰদানৰ নামত চিকিৎসা কৰ্মীয়ে সংগ্ৰহ কৰিছে ধন ৷ পকেটৰ ধন খৰচ কৰি OPD Slip সংগ্ৰহ কৰিও ভেকচিন লোৱাৰ পৰা বঞ্চিত হৈছে হাজাৰ হাজাৰ জনতা ৷


    চিকিৎসালয়খনত তিনিশ ভেকচিনৰ বিপৰীতে প্ৰায় দুহাজাৰ লোকৰ পৰা গাইপতি ১০ টকাকৈ সংগ্ৰহ কৰি OPD Slip প্ৰদান কৰা হৈছে বুলি ভুক্তভোগী জনতাই গুৰুতৰ অভিযোগ কৰিছে ৷ তিনিশ ভেকচিনৰ বিপৰীতে হাজাৰ হাজাৰ লোকক Slip প্ৰদান কৰাৰ ফলত চিকিৎসালয়খনত ভেকচিন ল'ব নোৱাৰি ৰাইজৰ মাজত সৃষ্টি হয় হাহাকাৰময় পৰিস্থিতিৰ ৷


    ইফালে ভেকচিনৰ বাবে ৰাইজে জমা দিয়া নথি পত্ৰ জাবৰৰ দমত পেলাই দিয়া সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক অপদস্থ কৰে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্যবিষয়া ছামচুল হকে ৷ আনহাতে পুৱাৰে পৰা বোন্দাপৰ দিয়া ৰাইজৰ লগতো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসা বিষয়াজনৰ বিৰুদ্ধে ৷

    Published by:Gautam Barman
    First published: