• Home
  • »
  • News
  • »
  • assam
  • »
  • এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা থানাত উত্তপ্ত পৰিস্থিতি, একাংশ উত্তেজিত লোকে প্ৰহাৰ কৰিলে আৰক্ষীক, জুই লগাই দিলে থানাৰ চৌহদত

এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা থানাত উত্তপ্ত পৰিস্থিতি, একাংশ উত্তেজিত লোকে প্ৰহাৰ কৰিলে আৰক্ষীক, জুই লগাই দিলে থানাৰ চৌহদত

শুকুৰবাৰে মাছৰ পোনা বিক্ৰী কৰিবলৈ গৈ থকা অৱস্থাত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে যুৱক জনক ।

শুকুৰবাৰে মাছৰ পোনা বিক্ৰী কৰিবলৈ গৈ থকা অৱস্থাত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে যুৱক জনক ।

শুকুৰবাৰে মাছৰ পোনা বিক্ৰী কৰিবলৈ গৈ থকা অৱস্থাত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে যুৱক জনক ।

  • Share this:

  • বটদ্ৰৱা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি।

  • আৰক্ষীৰ জিম্মাত এজন যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি উত্তপ্ত হয় পৰিস্থিতি।

  • আনকি একাংশ উত্তেজিত লোকে প্ৰহাৰ কৰে আৰক্ষীকো। জুই লগাই দিয়ে থানাৰ চৌহদ।

  • মৃত যুৱকজনৰ নাম ছফিকুল ইছলাম, ঘৰ বটদ্ৰৱাৰ চালনাবড়ী ।

  • শুকুৰবাৰে মাছৰ পোনা বিক্ৰী কৰিবলৈ গৈ থকা অৱস্থাত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে যুৱক জনক ।

  • থানালৈ অনাৰ পিছত যুৱক জনৰ খবৰ লবলৈ আহে পৰিয়ালৰ লোক ।

  • মৃত যুৱকজনৰ পৰিয়ালৰ অভিযোগ মতে, বটদ্ৰৱা আৰক্ষীয়ে হাঁহ দাবী কৰে যুৱকজনক মোকলাই দিয়াৰ নামত ।




  • পৰিয়ালৰ লোকে আৰক্ষীয়ে দাবী কৰা হাঁহ বটদ্ৰৱা আৰক্ষীক দিয়ে যদিও পুনৰ আৰক্ষীয়ে ১০ হাজাৰ টকা দাবী কৰে বুলি জনাইছে।

  • পিছত পৰিয়ালৰ লোকে যুৱক জনক থানত দেখা নাপাই পৰিস্থিতি উত্তপ্ত কৰি তোলে।

  • আৰক্ষীয়ে জনাই যে যুৱক জনক সংকটজনক অৱস্থাত চিকিৎসাধীন কৰা হৈছে যদিও ইতিমধ্যে যুৱকজনৰ মৃত্যু হয় ।

Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি