• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Meghalaya Border: কইনাধৰাত অসমৰ মাটি মেঘালয়ে বেদখলক কৰাক লৈ উত্তপ্ত বিধানসভা

Assam-Meghalaya Border: কইনাধৰাত অসমৰ মাটি মেঘালয়ে বেদখলক কৰাক লৈ উত্তপ্ত বিধানসভা

বিৰোধীৰ সভাস্থগিতৰ প্ৰস্তাৱক অধ্যক্ষৰ অগ্ৰাহ্য, একত্ৰিত বিৰোধীৰ সদন ত্যাগ

বিৰোধীৰ সভাস্থগিতৰ প্ৰস্তাৱক অধ্যক্ষৰ অগ্ৰাহ্য, একত্ৰিত বিৰোধীৰ সদন ত্যাগ

বিৰোধীৰ সভাস্থগিতৰ প্ৰস্তাৱক অধ্যক্ষৰ অগ্ৰাহ্য, একত্ৰিত বিৰোধীৰ সদন ত্যাগ

  • Share this:

সীমা বিবাদক লৈ মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা কৰাৰ ২৪ ঘণ্টা নৌহওঁতেই মেঘালয়ে অসমৰ ভূমিত ডেৰ কিলোমিটাৰ আগুৱাই আহি সীমা নিৰ্ধাৰণ কৰাৰ বিষয়টোক লৈ সোমবাৰে উত্তপ্ত  হৈ উঠে অসম বিধানসভাৰ মজিয়া ৷ বিৰোধী কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই সদনৰ সকলো কাৰ্যক্ৰমণিকা প্ৰত্যাহাৰ কৰি সীমা বিবাদক লৈ আলোচনাৰ দাবীৰে সভা স্থগিতৰ প্ৰস্তাৱ আনে যদিও অধ্যক্ষই অগ্ৰাহ্য কৰাত বিৰোধী সকলো বিধায়কে সদন ত্যাগ কৰে ৷


মিজোৰামৰ পিছত মেঘালয় ৷ মেঘালয়ে অসমৰ ৰাজধানী দিছপুৰৰ চকুৰ সন্মুখতে থকা কইনাধৰাত সীমান্তৰ পৰা ডেৰ কিলোমিটাৰ আগবাঢ়ি আহি এই স্থানত সীমা নিৰ্ধাৰণ কৰিব বিচাৰে শনিবাৰে, যাৰ বাবে কইনাধৰাৰ সীমান্তবাসীৰ মাজত ব্যাপক আতংকৰ সূচনা হয় ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কৰনাড চাংমাৰ মাজত কাহিলিপাৰাত সীমা বিবাদক লৈ আলোচনা হৈ যোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে এই কাৰ্য কৰে মেঘালয়ে ৷


এই ঘটনাক লৈ সোমবাৰে অসম বিধানসভাৰ মজিয়াত শূন্যকালীন ঘণ্টাত বিৰোধী কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই সদনৰ আন কাৰ্যক্ৰমণিকা বাদ দি সীমা বিবাদৰ বিষয়ক আলোচনা কৰাৰ দাবীত উত্থাপন কৰে সভাস্থগিতৰ প্ৰস্তাৱ ৷


নুৰুল হুদাই সভাস্থগিত প্ৰস্তাৱ অনাৰ লগে লগে সদনত বিৰোধী পক্ষই চৰকাৰক সমালোচনা কৰি সীমা বিবাদক লৈ আলোচনাৰ দাবী কৰে ৷


বিৰোধীৰ সভাস্থগিত প্ৰস্তাৱ সন্দৰ্ভত অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে সদনৰ বিধি অনুসৰি অগ্ৰাহ্য কৰে ৷ অধ্যক্ষই সভা স্থগিত প্ৰস্তাব অগ্ৰাহ্য কৰাত বিৰোধী সকলো বিধায়কে একেমুখে সীমা বিবাদক লৈ সদনত আলোচনা বিচাৰি হুলস্থূলীয়া পৰিৱেশৰ সূচনা কৰে ৷ ইয়াৰ মাজতে চৰকাৰৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই মিজোৰামে বৰাক উপত্যকাৰ তিনি জিলাত অসমৰ মাটি বেদখল কৰাৰ তথ্য সদৰী কৰে ৷


কিন্তু বিৰোধীয়ে সভাস্থগিত প্ৰস্তাৱক অগ্ৰাহ্য কৰাত সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ বিৰোধী উপ–দলপতি ৰকিবুল হুছেইনে চৰকাৰৰ পৰা সীমা বিবাদক লৈ স্পষ্টীকৰণ দাবী কৰে ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো সভাস্থগিত প্ৰস্তাৱৰ সমৰ্থনত সীমা বিবাদক লৈ আলোচনা বিচাৰে ৷


কিন্তু সকলো আহ্বান তথা দাবীক অধ্যক্ষই অগ্ৰাহ্য কৰাত বিৰোধী সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰি সদন ত্যাগ কৰে ৷ বিৰোধীয়ে ঐক্যবদ্ধ হৈ সদন ত্যাগ কৰাত শাসকীয় পক্ষৰ জ্যেষ্ঠ বিধায়ক পদ্ম হাজৰিকাই সদনৰ মজিয়াত বিৰোধীক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ পদ্ম হাজৰিকাই কয়- “ৰাজনৈতিক মাইলেজ লোৱাৰ বাবে এনেদৰে বিৰোধীয়ে সদন ত্যাগ কৰিছে ৷ চৰকাৰৰ কথা শুনাৰ কিয় ধৈৰ্য নাই বিৰোধীৰ? আমাৰ চৰকাৰে অসমৰ এক ইঞ্চি মাটিও কাকো এৰি নিদিওঁ ৷ এয়া আমাৰ চৰকাৰৰ স্পষ্ট কথা ৷ বিৰোধীয়ে অযথা হৈ চৈ কৰি ৰাজনৈতিক মুনাফা ল'বলৈ বিচাৰিছে ৷”


ইপিনে সদন ত্যাগ কৰি অসম বিধানসভাৰ বাহিৰত চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

Published by:Gautam Barman
First published: