SCত CAAক সাংবিধানিক মৰ্যাদা প্ৰদানৰ আবেদন কৰি মুখথেকেচা আবেদনকাৰীৰ

News18 Assam | News18-Assam
Updated:January 9, 2020, 1:25 PM IST
SCত CAAক সাংবিধানিক মৰ্যাদা প্ৰদানৰ আবেদন কৰি মুখথেকেচা আবেদনকাৰীৰ
পুণিত ধান্দা নামৰ এজন লোকে এখন লেখ আবেদন দাখিল কৰি CAAক সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।

পুণিত ধান্দা নামৰ এজন লোকে এখন লেখ আবেদন দাখিল কৰি CAAক সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।

  • Share this:
CAAক সাংবিধানিক মৰ্যাদা প্ৰদান নকৰিলে উচ্চতম ন্যায়ালয়ে। অৱশ্যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৃষ্টি হোৱা পৰিস্থিতিক লৈ চিন্তিত দেশৰ মুখ্য ন্যায়াধীশ। আজি এখন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি CAA আৰু ইয়াক লৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ সন্দৰ্ভত কিছু মন্তব্য কৰে দেশৰ মুখ্য ন্যায়াধীশ এছ এ ববডেই।

পুণিত ধান্দা নামৰ এজন লোকে এখন লেখ আবেদন দাখিল কৰি CAAক সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। লগতে তেওঁ CAA সন্দৰ্ভত একাংশ ছাত্ৰ সংগঠন আৰু সংবাদ মাধ্যমে চলোৱা অপ–প্ৰচাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও আবেদন জনাইছিল।

শুনানি গ্ৰহণ কৰি দেশৰ মুখ্য ন্যায়াধীশৰে গঠিত তিনিজনীয়া বিচাৰপীঠে আইনখন সাংবিধানিক ঘোষণা কৰিবলৈ অস্বীকাৰ কৰে। মুখ্য ন্যায়াধীশে জনায় যে সংসদে গৃহীত কৰা এখন আইনক সৰ্বোচ্চ ন্যায়ালয়ে কেনেকৈ সাংবিধানিক বুলি কব? লগতে শান্তি বাহাল ৰাখিবলৈ এনেধৰণৰ আবেদনে সহায় নকৰে বুলিও মন্তব্য কৰে ববডেই। দেশ কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে, দেশত শান্তি বাহাল থাকিব লাগে বুলি কয় মুখ্য ন্যায়াধীশগৰাকীয়ে।


NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

Published by: Sanjay Kumar Das
First published: January 9, 2020, 1:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading