
NRCৰ নতুন সমন্বয়ক হিতেশ দেৱ শৰ্মাই আজিৰ শুনানিত NRCৰ ষ্টেটাছ ৰিপ’ৰ্ট প্ৰদান কৰাৰ সম্ভৱানা আছে।
NRCৰ নতুন সমন্বয়ক হিতেশ দেৱ শৰ্মাই আজিৰ শুনানিত NRCৰ ষ্টেটাছ ৰিপ’ৰ্ট প্ৰদান কৰাৰ সম্ভৱানা আছে।
আজি দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেৰে গঠিত তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব NRCৰ শুনানি। বিচাৰপীঠৰ আন দুজন ন্যায়াধীশ হৈছে ন্যায়াধীশ গাৱায় আৰু ন্যায়াধীশ সূৰ্যকান্ত। NRCক লৈ দেশৰ মুখ্য ন্যায়াধীশৰ এয়া প্ৰথমটো শুনানি। পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হ’ব শুনানি।
NRCৰ গোচৰৰ মুখ্য আবেদনকাৰী অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মা উপস্থিত থাকিব আজিৰ শুনানিত। NRCৰ নতুন সমন্বয়ক হিতেশ দেৱ শৰ্মাই আজিৰ শুনানিত NRCৰ ষ্টেটাছ ৰিপ’ৰ্ট প্ৰদান কৰাৰ সম্ভৱানা আছে। এতিয়ালৈকে NRCৰ পৰা বাদ পৰা লোকসকলক NRC কৰ্তৃপক্ষই বাদ পৰাৰ কাৰণ জনাই Certified Copy প্ৰদান কৰা নাই। Certified Copy প্ৰাপ্তিৰ পিছত বাদ পৰাসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত বিদেশী ন্যায়াধিকৰণত আবেদন কৰিব লাগিব। এই বিষয়টো দাখিল হোৱা IA কেইখনৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।
আনহাতে APW–এ NRCৰ পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগৰ তদন্ত নোহোৱাকৈ তেওঁক স্থানান্তৰ কৰাৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ সম্ভাৱনা আছে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|