জীয়াই থাকিবনে নগাঁও আৰু কাছাৰ কাগজ কল, ১৪ ছেপ্টেম্বৰত হ’ব চূড়ান্ত সিদ্ধান্ত!

চৰকাৰে সদিচ্ছা প্ৰকাশ কৰিলে দেউলীয়া ঘোষণাৰ পৰা ৰক্ষা পৰিব বৃহৎ উদ্যোগ দুটা৷
চৰকাৰে সদিচ্ছা প্ৰকাশ কৰিলে দেউলীয়া ঘোষণাৰ পৰা ৰক্ষা পৰিব বৃহৎ উদ্যোগ দুটা৷
- News18 Assam
- Last Updated: September 8, 2020, 8:52 AM IST
যদিহে সেই শুনানিৰ পূৰ্বে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে কাগজ কলৰ কফিনত পৰিব পাৰে শেষৰটো গজাল৷ আৰু তাৰ পিছতে NCLT–এ দেউলীয়া ঘোষণা কৰি পানীৰ দৰত কোনো বণিয়াক বিক্ৰী কৰিব কল দুটাৰ বৃহৎ সম্পদ৷ যাক লৈ ক্ষোভিত হৈ পৰিছে নগাঁও কাগজ কলৰ কৰ্মচাৰীসকল৷
সেয়ে ১৪ ছেপ্টেম্বৰৰ পূৰ্বে চৰকাৰে কল দুটাৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে৷ যদিহে কোনো বণিয়াক কল দুটা বিক্ৰী কৰে তেনেহ’লে তেজ দি হ’লেও বণিয়া গোষ্ঠীক কল দুটাত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিব বুলি সকীয়াই দিয়ে কাগজ নিগম কৰ্মী ইউনিয়নৰ সাধাৰণ সম্পাদক আনন্দ বৰদলৈয়ে৷
এই সন্দৰ্ভত বিৰোধী দলপতি বেদব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক পত্ৰ প্ৰেৰণ কৰা বুলিও জানিবলৈ দিয়ে নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলে৷
উল্লেখ্য যে বিগত প্ৰায় ৪৪ মাহ ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে নগাঁও কাগজ কলৰ কৰ্মচাৰীসকল৷ ধনৰ অভাৱত বিনা চিকিৎসাই মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে প্ৰায় ৭০ গৰাকী কৰ্মচাৰীয়ে৷ ইয়াৰে তিনিজনকৈ কৰ্মচাৰীয়ে আৰ্থিক অনাটনত ভুগি ল’বলগীয়া হৈছে আত্মহত্যাৰ দৰে চৰম পথ৷ বহিঃৰাজ্যলৈ যোৱা কৰ্মচাৰীসকলৰ সন্তানে নিজৰ শিক্ষা অধাতে সামৰি ঘৰমুৱা হ’বলৈ বাধ্য হৈছে৷
বিগত সময়ছোৱাত কলটো পুনৰ কাৰ্যক্ষম কৰিবলৈ কৰ্মচাৰীসকলে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণেৰে চৰকাৰক দাবী জনাই আহিছে৷ কিন্তু বাৰম্বাৰ কেবল প্ৰতিশ্ৰুতি দি দায়িত্ব সামৰিছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে৷ কিন্তু এইবাৰ হয়তো নগাঁও আৰু কাছাৰ কাগজ কলৰ ভৱিষ্যৎ নিৰ্ণয় হ’ব ১৪ ছেপ্টেম্বৰত৷