
অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ বিচাৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল।
অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ বিচাৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল।
তলাবন্ধৰ ফলত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে পষেক দিন ভিডিঅ’ কনফাৰেঞ্চিঙৰ যোগেদি শুনানি গ্ৰহণ কৰি থকাৰ পাছত সম্প্ৰতি পৰ্যায়ক্ৰমে স্বাভাৱিক কাম–কাজ আৰম্ভ কৰিবলৈ ধৰিছে। তাৰে অংশ হিচাপে ২৯ মে’ত উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়ে ILPৰ আবেদনখন শুনানিৰ কাৰণে তালিকাভুক্ত কৰিছে। অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ বিচাৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল। ২৯ মে’ত দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়েৰ বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় চৰকাৰে ১১ ডিচেম্বৰত এখন ৰাজপত্ৰিত জাননী জাৰি কৰি অসমক ILP ব্যৱস্থাৰ পৰা কৰ্তন কৰা আৰু মণিপুৰত নতুনকৈ এই ব্যৱস্থা কাৰ্যকৰী কৰা কাৰ্যক লেখ আবেদনৰ যোগেদি প্ৰত্যাহ্বান জনাইছে। তাৎপৰ্যপূৰ্ণভাৱে অসমত এই ব্যৱস্থা ব্ৰিটিছৰ দিনৰ পৰা আছিল কিন্তু কাৰ্যকৰী হোৱা নাছিল। উল্লেখযোগ্য যে যোৱা ১১ ডিচেম্বৰত ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কো গৃহীত হৈছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|