CAAৰ জৰিয়তে নাগৰিকত্ব পাবলৈ কি প্ৰমাণ দিব লাগিব? ২৫ ফেব্ৰুৱাৰীত ন্যায়ালয়ে নিৰ্ধাৰিত কৰিছে শুনানিৰ দিন

News18 Assam | News18-Assam
Updated:January 28, 2020, 6:24 PM IST
CAAৰ জৰিয়তে নাগৰিকত্ব পাবলৈ কি প্ৰমাণ দিব লাগিব? ২৫ ফেব্ৰুৱাৰীত ন্যায়ালয়ে নিৰ্ধাৰিত কৰিছে শুনানিৰ দিন
সম্পূৰ্ণ প্ৰক্ৰিয়া online হ’ব আৰু অসমৰ বেলিকা আংশিকভাৱে পৃথক বিধি থকাৰ সম্ভাৱনা আছে।

সম্পূৰ্ণ প্ৰক্ৰিয়া online হ’ব আৰু অসমৰ বেলিকা আংশিকভাৱে পৃথক বিধি থকাৰ সম্ভাৱনা আছে।

  • Share this:
অহা ২৫ ফেব্ৰুৱাৰীৰ দিনটো উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰিছে নাগৰিকত্ব সংশোধনী আইনৰ শুনানিৰ দিন। ২২ জানুৱাৰীত দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়েৰে গঠিত তিনিজনীয়া বিচাৰপীঠে আইনখনক প্ৰত্যহ্বান জনাই দাখিল কৰা ১৪০ৰো অধিক লেখ আবেদনৰ শুনানি গ্ৰহণ কৰিছিল। সেই শুনানিত অসম আৰু ত্ৰিপুৰাৰ আবেদনসমূহ পৃথকে বিবেচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে।

সেই দিনাই পৰৱৰ্তী শুনানি পঞ্চম সপ্তাহত অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল আদালতে আৰু তাৰ আগতে কেন্দ্ৰীয় চৰকাৰক জাননীৰ উত্তৰ দিবলৈ কৈছিল। সেইমৰ্মেই উচ্চতম ন্যায়ালয়লৈ case statusত উক্ত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ সম্ভাৱনীয় তাৰিখ ২৫ ফেব্ৰুৱাৰী বুলি উল্লেখ কৰি থৈছে।

নাগৰিকত্ব সংশোধনী আইনৰ বিধি

১০ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰা আৰু একে মাহৰ ২২ তাৰিখে উচ্চতম ন্যায়ালয়ে আইনখন স্থগিত নকৰাৰ পfছত এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় তৎপৰ হৈছে আইনৰ বিধি প্ৰস্তুতৰ কাম সমাপ্ত কৰাত।

গৃহ মন্ত্ৰণালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, আবেদনকাৰীয়ে দিব লাগিব নিজ ধৰ্মৰ প্ৰমাণ। লগতে দিব লাগিব ৩১ ডিচেম্বৰ ২০১৪ৰ পূৰ্বৰ পৰা ভাৰতত বসবাস কৰি থকাৰ প্ৰমাণ।

সূত্ৰটোৱে জনোৱা মতে, ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বৰ চৰকাৰী নথি য’ত আবেদনকাৰীয়ে নিজৰ ধৰ্মৰ কথা উল্লেখ কৰিছে তেনে নথি জমা দিব লাগিব। স্বাভাৱিকতে আবেদনকাৰীজন হিন্দু, শিখ, খ্ৰীষ্টান, বৌদ্ধ, জৈন অথবা পাৰ্চী ধৰ্মাৱলম্বী হোৱাটো বাঞ্চনীয়।

সম্পূৰ্ণ প্ৰক্ৰিয়া online হ’ব আৰু অসমৰ বেলিকা আংশিকভাৱে পৃথক বিধি থকাৰ সম্ভাৱনা আছে। কাৰণ অসম চৰকাৰৰ আবেদনৰ কাৰণে ৬ মাহৰ সময়সীমা বান্ধি দিয়াৰ পৰামৰ্শ গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি