নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই অসমকে ধৰি সমগ্ৰ ভাৰতৰ বিভিন্ন দল-সংগঠনে উচ্চতম ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ অন্তিমটো শুনানি অনুষ্ঠিত হৈছিল যোৱা ২২ জানুৱাৰীত। তলাবন্ধৰ সময়ছোৱাত ন্যায়ালয় বন্ধ আছিল যদিও আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি বিভিন্ন গোচৰৰ শুনানিসমূহ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰি আছে। কিন্তু সাংবিধানিক প্ৰশ্ন জড়িত হৈ থকা নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই জমা কৰা লেখ আবেদনসমূহক শুনানিৰ কাৰণে গ্ৰহণ কৰা নাই সৰ্বোচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত পৰৱৰ্তী শুনানিৰ তাৰিখ নৱেম্বৰ ২ বুলি উল্লেখ আছে। যদিহে নৱেম্বৰৰ ২ তাৰিখে শুনানি অনুষ্ঠিত হয়, প্ৰায় ১১ মহীয়া এই পৰিক্ৰমাত এইটো কাৰ্যতঃ দ্বিতীয়টো শুনানি হ’ব।
উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়েও নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুত কৰি সংসদীয় কমিটীক দাখিল কৰাৰ দিশত অগ্ৰসৰ হৈছে। সংসদীয় কমিটীয়ে মোহৰ মৰাৰ পিছতে আইনখনৰ সুবিধা আদায় কৰিব পাৰিব চুবুৰীয়া দেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা হিন্দু তথা আন সংখ্যালঘু সম্প্ৰদায়ৰ লোকে।
আনহাতে, উচ্চতম ন্যায়ালয়ত চলি থকা এই গোচৰৰ মূল আবেদনকাৰী হৈছে Indian Union Muslim League। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও আইনখনৰ প্ৰত্যাহ্বান জনাই গোচৰ তৰিছিল। এওঁলোকৰ আৰু আন-আন দল সংগঠনৰ লেখ আবেদনসমূহ প্ৰথমতে মূল আবেদনকাৰীৰে সংলগ্ন কৰি দিয়া হৈছিল যদিও পিছত উত্তৰ–পূবৰ পৰা দাখিল হোৱা আবেদনসমূহ পৃথকে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল সৰ্বোচ্চ ন্যায়ালয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 26, 2020, 15:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।