উচ্চ ন্যায়ালয়ে সোমবাৰৰ ভিতৰত দুয়োজন অধিবক্তাক আজিৰ যুক্তিতৰ্কৰ সবিশেষ উল্লেখ কৰি লিখিতভাৱে দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
উচ্চ ন্যায়ালয়ে সোমবাৰৰ ভিতৰত দুয়োজন অধিবক্তাক আজিৰ যুক্তিতৰ্কৰ সবিশেষ উল্লেখ কৰি লিখিতভাৱে দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
অৱশেষত পৰিসমাপ্তি ঘটিল অখিল গগৈৰ জামিন আবেদনৰ শুনানি। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰণা আৰু অজিত বৰঠাকুৰে শুনানি সমাপ্ত কৰি ৰায়দান সংৰক্ষিত কৰি ৰাখে। ডিচেম্বৰৰ ২৬ তাৰিখৰ পূৰ্বে প্ৰদান কৰিব ৰায়। NIAক প্ৰতিনিধিত্ব কৰি Additional Solicitor General এছ ভি ৰাজুয়ে অখিল গগৈয়ে অসম বন্ধৰ আহ্বান দি দেশৰ অৰ্থনৈতিক সুৰক্ষাত ভাবুকি নমাই আনিছিল বুলি যুক্তি দৰ্শাই জামিনৰ বিৰোধিতা কৰি যুক্তিতৰ্কৰ অৱসান ঘটায়। অৰ্থনৈতিক গতিবিধিত বাধা প্ৰদান কৰি অখিল গগৈয়ে সন্ত্ৰাসবাদত লিপ্ত হৈছিল বুলিও যুক্তি দৰ্শাই ৰাজুৱে।
আনহাতে, অখিল গগৈৰ অধিবক্তা হুজেফা এহমদীয়ে ৰাজুৰ যুক্তি খণ্ডন কৰিবলৈ চেষ্টা কৰে। তেওঁ কয় - তেনেস্থলত দিল্লীৰ চাৰিওদিশে প্ৰতিবাদ সাব্যস্ত কৰি থকা দেশৰ কৃষকসমূহো সন্ত্ৰাসবাদী হৈ পৰিব। তেওঁ লগতে কয় কোনো কার্যৰ যোগেদি অৰ্থনৈতিক ক্ষতি হোৱাটোক অৰ্থনৈতিক সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰিব পৰা নাযায়; কোনো দুষ্কৃতিকাৰীয়ে যদিহে চাইবাৰ আক্ৰমণ কৰি দেশৰ বেংকিং প্ৰণালী বিনষ্ট কৰিবলৈ চেষ্টা কৰে তেন্তে সেয়া সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বুলি ক’ব পাৰি। হুজেফাই লগতে কয় অখিল গগৈয়ে অৰ্থনৈতিক অৱৰোধ কৰিবলৈ আহ্বান কৰাৰ সময়ত চৰকাৰে Essential Service Management Act প্ৰযোজ্য কৰা নাছিল। সেয়ে যদিহে অখিল গগৈয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহত বাধা প্ৰদান কৰিছিল চৰকাৰৰ ওচৰত সেই আইন প্ৰযোজ্য কৰাৰ অৱকাশ আছিল।
হুজেফাই কোনো ব্যক্তিয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলেই সেয়া যে দেশদ্ৰোহ নহয় এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ো পাঠ কৰে। NIA-এ অভিযোগনামাত অখিলৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰা নাই বুলিও আদালতক অৱগত কৰে হুজেফাই। লগতে UAPAত সন্নিৱিষ্ট সন্ত্ৰাসবাদী সংগঠনৰ সদস্য সন্দৰ্ভৰ দফাও NIA-এ অভিযোগনামাত সংলগ্ন কৰা নাই বুলি আদালতক কয় হুজেফাই।
উচ্চ ন্যায়ালয়ে সোমবাৰৰ ভিতৰত দুয়োজন অধিবক্তাক আজিৰ যুক্তিতৰ্কৰ সবিশেষ উল্লেখ কৰি লিখিতভাৱে দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। হুজেফা আৰু ৰাজু দুয়ো আজি দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে সংযুক্ত হৈ আছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|