অখিল গগৈৰ জামিন আবেদন : উচ্চ ন্যায়ালয়ে NIAলৈ প্ৰেৰণ কৰিলে জাননী, দুসপ্তাহৰ ভিতৰত দিব লাগিব উত্তৰ

News18 Assam | News18-Assam
Updated:September 28, 2020, 1:06 PM IST
অখিল গগৈৰ জামিন আবেদন : উচ্চ ন্যায়ালয়ে NIAলৈ প্ৰেৰণ কৰিলে জাননী, দুসপ্তাহৰ ভিতৰত দিব লাগিব উত্তৰ
NIAয়ে দাখিল কৰা চাৰ্জশ্বীটত গগৈক মাওবাদী সন্ত্ৰাসবাদী সংগঠনৰে জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে।

NIAয়ে দাখিল কৰা চাৰ্জশ্বীটত গগৈক মাওবাদী সন্ত্ৰাসবাদী সংগঠনৰে জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে।

  • News18 Assam
  • Last Updated: September 28, 2020, 1:06 PM IST
  • Share this:
সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে অখিল গগৈৰ জামিন শুনানি। ন্যায়াধীশ কল্যাণ ৰাই চুৰাণা আৰু ন্যায়াধীশ অজিত বৰঠাকুৰৰ এখন দুজনীয়া বিচাৰপীঠে গ্ৰহণ কৰে শুনানি। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা পি এছ নৰসিমহা আৰু Advocate-On-Record ৰুণা ভূঞাই ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি নতুন দিল্লীৰ পৰা প্ৰতিনিধিত্ব কৰে গগৈক। উচ্চ ন্যায়ালয়ে বিষয়টোৰ সন্দৰ্ভত NIAলৈ জাননী প্ৰেৰণ কৰে। দুসপ্তাহৰ ভিতৰত তদন্তকাৰী প্ৰতিষ্ঠানটোক প্ৰত্যুত্তৰ দিবলৈও নির্দেশ দিয়ে ন্যায়ালয়ে।

পূৰ্বতে NIA আদালতে জামিন নাকচ কৰিছিল গগৈৰ। NIA আদালতৰ ৰায়ক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে গগৈয়ে। CAA বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা লোৱাৰ পিছৰে পৰা যোৱা ৮ মাহ বহুকেইটা গোচৰত অভিযুক্ত হৈ কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ। UAPA গোচৰতো অভিযুক্ত হৈ আছে গগৈ।

NIAয়ে দাখিল কৰা চাৰ্জশ্বীটত গগৈক মাওবাদী সন্ত্ৰাসবাদী সংগঠনৰে জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিলৰ আইনী যুজঁখন আগবঢ়াই নিবলৈ অসমৰ ৰাইজৰ পৰা ২৮ লক্ষ টকা সংগ্ৰহ কৰাৰ কথা ইতিমধ্যে সংবাদ মাধ্যমত সদৰি কৰিছে।
Published by: Sanjay Kumar Das
First published: September 28, 2020, 1:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading