ইতিমধ্যে অখিল গগৈৰ অধিবক্তা এহমদীয়ে যুক্তি তৰ্ক সমাপ্ত কৰিছে। আজি NIAৰ অধিবক্তা গৰাকীয়ে যুক্তি প্ৰদান কৰাৰ কথা আছিল।
ইতিমধ্যে অখিল গগৈৰ অধিবক্তা এহমদীয়ে যুক্তি তৰ্ক সমাপ্ত কৰিছে। আজি NIAৰ অধিবক্তা গৰাকীয়ে যুক্তি প্ৰদান কৰাৰ কথা আছিল।
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰ আৰু কল্যাণ ৰায় সুৰানাৰে গঠিত খণ্ড বিচাৰপীঠে ধাৰ্য কৰিছিল অখিল গগৈৰ জামিন আবেদনৰ চূড়ান্ত শুনানিৰ দিন। দিল্লীৰ পৰা তদন্তকাৰী সংস্থা National Investigation Agency (NIA)ক প্ৰতিনিধিত্ব কৰি video conferencingৰ যোগেদি সংযুক্ত হৈছিল Additional Solicitor General এছ ভি ৰাজু। দিল্লীৰ পৰা সংযুক্ত হৈ আছিল অখিল গগৈৰ অধিবক্তা হুজেফা এহমদী। পুৱা ১০.৩০ বজাত শুনানি আৰম্ভ হৈছিল যদিও NIAৰ অধিবক্তাগৰাকীৰ বক্তব্য ন্যায়াধীশ দুগৰাকীয়ে কাৰিকৰী বিজুতিৰ কাৰণে নুশুনাৰ কাৰণ দৰ্শাই ২ বজাৰ সময় নিৰ্ধাৰণ কৰে।
পুনৰ ২ বজাত শুনানি আৰম্ভ হয়। এইবাৰো NIAৰ অধিবক্তাগৰাকীয়ে যুক্তিতৰ্ক প্ৰদান কৰিবলৈ আৰম্ভ কৰে। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইণ্টাৰনেট সংযোগ লেহেমীয়া হোৱাৰ কাৰণ দৰ্শাই ন্যায়াধীশদুগৰাকীয়ে পৰৱৰ্তী শুনানিৰ তাৰিখ অহা ১০ ডিচেম্বৰ ধাৰ্য কৰে।
ন্যায়াধীশ সুৰনাই NIAৰ অধিবক্তাগৰাকীক পৰৱৰ্তী তাৰিখ কেতিয়া দিলে তেওঁৰ সুবিধা হ’ব এই প্ৰশ্ন কৰাত তেওঁ কয় – যিহেতু আবেদনকাৰী গৰাকীয়ে যোৱা ১ বছৰ ধৰি কাৰাগাৰত আছে; গতিকে যিমান শীঘ্ৰে পাৰি তাৰিখ দিলে ভাল। তাৰ পিছত ন্যায়াধীশ দুগৰাকীয়ে ৰাজু আৰু এহমদীৰ পৰামৰ্শ গ্ৰহণ কৰি অহা ১০ ডিচেম্বৰৰ তাৰিখ ধাৰ্য কৰে।
উল্লেখযোগ্য যে ইতিমধ্যে অখিল গগৈৰ অধিবক্তা এহমদীয়ে যুক্তি তৰ্ক সমাপ্ত কৰিছে। আজি NIAৰ অধিবক্তা গৰাকীয়ে যুক্তি প্ৰদান কৰাৰ কথা আছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|