মুখ্যপৃষ্ঠা »খবৰ »অসম »আজি উচ্চতম ন্যায়ালয়ে আৰম্ভ কৰিবলৈ অস্বীকাৰ কৰিলে অখিল গগৈৰ জামিনৰ শুনানি 

আজি উচ্চতম ন্যায়ালয়ে আৰম্ভ কৰিবলৈ অস্বীকাৰ কৰিলে অখিল গগৈৰ জামিনৰ শুনানি 

জানুৱাৰীৰ ৭ তাৰিখে ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰৰে গঠিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে অখিল গগৈৰ জামিন আবেদন নাকচ কৰিছিল।

জানুৱাৰীৰ ৭ তাৰিখে ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰৰে গঠিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে অখিল গগৈৰ জামিন আবেদন নাকচ কৰিছিল।

জানুৱাৰীৰ ৭ তাৰিখে ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰৰে গঠিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে অখিল গগৈৰ জামিন আবেদন নাকচ কৰিছিল।

  • Share this:
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এন ভি ৰমন্না, সূৰ্যকান্ত আৰু অনিৰুদ্ধ বসুৰে গঠিত তিনিজনীয়া বিচাৰপীঠে আজি অখিল গগৈৰ জামিনৰ প্ৰথমটো শুনানি গ্ৰহণ কৰি শুনানিৰ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ অস্বীকাৰ কৰে। বৰঞ্চ নিম্ন আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'লে উচ্চতম ন্যায়ালয়লৈ জামিন বিচাৰি অহাৰ পৰামৰ্শ দিলে সৰ্বোচ্চ ন্যায়ালয়ে।  উচ্চ ন্যায়ালয়ৰ জামিন আবেদন প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল অখিল গগৈ। গগৈক আজি প্ৰতিনিধিত্ব কৰিছিল জ্যেষ্ঠ অধিবক্তা জয়দীপ গুপ্তই।

উল্লেখযোগ্য যে জানুৱাৰীৰ ৭ তাৰিখে ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰৰে গঠিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে অখিল গগৈৰ জামিন আবেদন নাকচ কৰিছিল। গগৈক আন গোচৰৰ লগতে UAPAৰ অধীনতো অভিযুক্ত কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা National Investigation Agencyয়ে।

২০১৯ চনৰ ডিচেম্বৰ মাহত তেওঁ নাগৰিকত্ব সংশোধনী আইনৰ বিৰূদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল। তেতিয়াৰ পৰা আজিকোপতি তেওঁ কাৰাৰুদ্ধ হৈ আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈয়ে প্ৰতিবাদৰ নামত দেশৰ অৰ্থনৈতিক সুৰক্ষাত ভাবুকি প্ৰদান কৰে তথা দেশৰ বিৰোধী সংগঠনৰে সম্পৰ্ক থকাৰ অভিযোগৰ দোহাই দি জামিন মঞ্জুৰ কৰা নাছিল।

উচ্চ ন্যায়ালয়ৰ শুনানিত গগৈক প্ৰতিনিধিত্ব কৰিছিল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হুজেফা এহমদীয়ে। NIAক প্ৰতিনিধিত্ব কৰিছিল Additional Solicitor General এছ ভি ৰাজুৱে। ৰাজুৱে অখিল গগৈয়ে অসম বন্ধৰ আহ্বান দি দেশৰ অৰ্থনৈতিক সুৰক্ষাত ভাবুকি নমাই আনিছিল বুলি যুক্তি দৰ্শাই জামিনৰ বিৰোধিতা কৰি যুক্তিতৰ্কৰ অৱসান ঘটাছিল। অৰ্থনৈতিক গতিবিধিত বাধা প্ৰদান কৰি অখিল গগৈয়ে সন্ত্ৰাসবাদত লিপ্ত হৈছিল বুলিও যুক্তি দৰ্শাইছিল ৰাজুৱে।

হুজেফা এহমদীয়ে ৰাজুৰ যুক্তি খণ্ডন কৰি কৈছিল - তেনেস্থলত দিল্লীৰ চাৰিওদিশে প্ৰতিবাদ সাব্যস্ত কৰি থকা দেশৰ কৃষকসমূহো সন্ত্ৰাসবাদী হৈ পৰিব। তেওঁ লগতে কৈছিল কোনো কার্যৰ যোগেদি অৰ্থনৈতিক ক্ষতি হোৱাটোক অৰ্থনৈতিক সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰিব পৰা নাযায়; কোনো দুষ্কৃতিকাৰীয়ে যদিহে চাইবাৰ আক্ৰমণ কৰি দেশৰ বেংকিং প্ৰণালী বিনষ্ট কৰিবলৈ চেষ্টা কৰে তেন্তে সেয়া সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বুলি ক’ব পাৰি। হুজেফাই লগতে কৈছিল অখিল গগৈয়ে অৰ্থনৈতিক অৱৰোধ কৰিবলৈ আহ্বান কৰাৰ সময়ত চৰকাৰে Essential Service Management Act প্ৰযোজ্য কৰা নাছিল। সেয়ে যদিহে অখিল গগৈয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহত বাধা প্ৰদান কৰিছিল চৰকাৰৰ ওচৰত সেই আইন প্ৰযোজ্য কৰাৰ অৱকাশ আছিল।

হুজেফাই কোনো ব্যক্তিয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলেই সেয়া যে দেশদ্ৰোহ নহয়, এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ো পাঠ কৰিছিল। NIA-এ অভিযোগনামাত অখিলৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰা নাই বুলিও আদালতক অৱগত কৰে হুজেফাই। লগতে UAPAত সন্নিৱিষ্ট সন্ত্ৰাসবাদী সংগঠনৰ সদস্য সন্দৰ্ভৰ দফাও NIA-এ অভিযোগনামাত সংলগ্ন কৰা নাই বুলি আদালতক কৈছিল  হুজেফাই।

শেহতীয়া বাতৰি